পুনৰ নাম সলনিৰ জোৱাৰ উঠিছে যোগী ৰাজ্যত। এইবাৰ উত্তৰ প্ৰদেশত সলনি কৰা হ’ল এটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম। শুক্ৰবাৰে ৰাজ্যখনৰ কেবিনেটে জেৱাৰস্থিত নয়দা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম ‘নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’লৈ সলনি কৰাত অনুমোদন জনায়। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সংবাদ মাধ্যমৰ আগত এই ঐতিহাসিক সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
সাংবাদিকক সম্বোধন কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে এই বিমান বন্দৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা উত্তৰ প্ৰদেশবাসীৰ বাবে এক ডাঙৰ উপহাৰ। তেওঁ কয়, “জেৱাৰস্থিত নয়দা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰাজ্যখনক উপহাৰ দিয়াৰ বাবে উত্তৰ প্ৰদেশ মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। মন্ত্ৰীসভাই এই বিমানবন্দৰটোৰ নাম ‘নৰেন্দ্ৰ মোদী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, নয়দা-জেৱাৰ’ ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।” মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে এই বিমানবন্দৰটো উত্তৰ প্ৰদেশৰ সৰ্ববৃহৎ বিমান বন্দৰ হোৱাৰ লগতে সমগ্ৰ দেশৰে এক অন্যতম প্ৰধান এভিয়েশ্যন হাব হিচাপে গঢ় লৈ উঠিব।
উল্লেখ্য যে, ছুইজাৰলেণ্ডৰ জুৰিখ এয়াৰপ’ৰ্ট ইণ্টাৰনেশ্যনেল এজিৰ অধীনস্থ যমুনা ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট প্ৰাইভেট লিমিটেড আৰু নয়দা ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট লিমিটেডৰ যৌথ উদ্যোগত এই মেগা প্ৰকল্পটো গঢ়ি তোলা হৈছে। প্ৰায় ১১,২৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই বিমানবন্দৰটোৰ প্ৰথম পৰ্যায়ত বাৰ্ষিক ১.২ কোটি যাত্ৰী চলাচলৰ সক্ষমতা আছে, যাক পৰৱৰ্তী সময়ত ৭ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এই বছৰৰে ২৮ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দৰটো উদ্বোধন কৰিছিল আৰু যোৱা ১৫ জুনত লক্ষ্ণৌৰ পৰা অহা ইণ্ডিগ’ৰ এখন বিমানৰ জৰিয়তে ইয়াত প্ৰথম বিমান অৱতৰণ সম্পন্ন হৈছিল।
বিমানবন্দৰটোত বৃহৎ আকাৰৰ যাত্ৰীবাহী বিমান অৱতৰণৰ বাবে ৩,৯০০ মিটাৰ দৈৰ্ঘ্যৰ এক অত্যাধুনিক ৰাণৱে’ নিৰ্মাণ কৰা হৈছে, য’ত যিকোনো বতৰতে বিমান সুৰক্ষিতভাৱে উঠা-নমা কৰিব পৰাকৈ দুয়োফালেই আধুনিক ইনষ্ট্ৰুমেন্ট লেণ্ডিং চিষ্টেম সংযোগ কৰা হৈছে। পথ, ৰে’ল আৰু বিমান সেৱাৰ সংমিশ্ৰণেৰে এক মাল্টিম’ডেল ট্ৰান্সপ’ৰ্ট হাব হিচাপে প্ৰস্তুত কৰা এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে বিশ্ববাসীৰ মাজত পৰিচিত হ’ব।
