২০১৮ চনৰ এটা মানহানিৰ গোচৰত জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ এখন আদালতে। ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’ক কেন্দ্ৰ কৰি বিকাশ সংস্কৃত্যায়ন ওৰফে বিকাশ পাণ্ডেই দাখিল কৰা গোচৰৰ ভিত্তিত সোমবাৰে ন্যায়িক দণ্ডাধীশ অনম ৰইছ খানে এই নিৰ্দেশ দিয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, ২০১৮ চনত ধ্ৰুৱ ৰাঠীয়ে নিজৰ ইউটিউব চেনেলত বিকাশ পাণ্ডেৰ বিৰুদ্ধে এটা ভিডিঅ’ আপলোড কৰাৰ পিছতে পাণ্ডেই এই মানহানিৰ গোচৰটো তৰিছিল। গোচৰটোত ২০১৯ চনৰ জুলাই মাহত আদালতখনে প্ৰথমবাৰৰ বাবে ৰাঠীলৈ চমন জাৰি কৰিছিল।
ইয়াৰ পিছত চলিত বৰ্ষৰ ১৭ অক্টোবৰত জাননী দিবলৈ যাওঁতে ৰাঠীৰ ঘৰত তলা ওলমি থকা পোৱাত আদালতে তেওঁৰ বিৰুদ্ধে জামিনযোগ্য পৰোৱানা জাৰি কৰাৰ লগতে গুৰুগ্ৰামৰ ঠিকনালৈ নতুন চমন প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত যোৱা ৩১ অক্টোবৰতো আদালতখনে পুনৰ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। শুনানিকালত ৰাঠীৰ অধিবক্তাই আদালতক জনাইছিল যে ইউটিউবাৰগৰাকী সচৰাচৰ অষ্ট্ৰিয়াত থাকে আৰু দিল্লীত অনুষ্ঠিত এটা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবেহে ভাৰতলৈ আহিছিল। একাংশ চমন আৰু জামিনযোগ্য পৰোৱানাৰ পিছত সোমবাৰে আদালতে কঠোৰ স্থিতি গ্ৰহণ কৰি ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে।
