শেহতীয়াকৈ ভাৰতীয় জিঅ’স্পেচিয়েল এআই ষ্টাৰ্টআপ ‘আৰ্থচেন্স লেবছ’ৰ উপগ্ৰহীয় চিত্ৰ বিশ্লেষণত চীনৰ ৬০ গিগাৱাট ক্ষমতাসম্পন্ন মেডোগ জলবিদ্যুৎ প্ৰকল্পৰ ব্যাপক অগ্ৰগতিৰ তথ্য পোহৰলৈ আহিছে। আই আই টি দিল্লীৰ ‘ফাউণ্ডেশ্যন ফৰ ইন’ভেশ্যন এণ্ড টেকন’লজি ট্ৰান্সফাৰ’ৰ অধীনত গঢ় লৈ উঠা এই প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা অনুসৰি, য়াৰ্লুং চাংপো (ভাৰতত ছিয়াং নামেৰে জনাজাত) নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এই প্ৰকল্পটোৰ মূল বান্ধস্থলীৰ পৰা সমগ্ৰ গাঁওসমূহ আঁতৰাই পেলোৱা হৈছে আৰু অৰুণাচল প্ৰদেশ সীমান্তৰ ওচৰত বৃহৎ উদ্যোগিক আন্তঃগাঁথনি গঢ়ি তোলা হৈছে।দক্ষিণ-পূব তিব্বতৰ নামনি য়াৰ্লুং চাংপো নদীত নিৰ্মাণ হ’বলগীয়া এইটো এটা বহুমুখী বান্ধ ব্যৱস্থা হ’ব। ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে নদীখনৰ ‘গ্ৰেট ইউ-বেণ্ড’ অংশত এটা সুৰংগ, একাধিক বিদ্যুৎ কেন্দ্ৰ আৰু পানী নিৰ্গমন পথ নিৰ্মাণ কৰা হ’ব। মেকমোহন ৰেখাৰ পৰা মাত্ৰ ৪০-৫০ কিলোমিটাৰ উত্তৰত অৱস্থিত এই প্ৰকল্পটোৱে ভাৰতৰ বাবে গভীৰ কৌশলগত উদ্বেগৰ সৃষ্টি কৰিছে। উপগ্ৰহীয় নিৰীক্ষণত মেইনলিঙৰ ওচৰৰ মূল বান্ধস্থলীকে ধৰি চাৰিটা প্ৰধান স্থানত নিৰ্মাণ কাৰ্য চলি থকাৰ তথ্য ধৰা পৰিছে।
২০২৫ চনৰ জুলাই মাহৰ উপগ্ৰহীয় চিত্ৰত উক্ত অঞ্চলটোত জনবসতিপূৰ্ণ গাঁও আৰু কৃষিভূমি দেখা গৈছিল। কিন্তু ২০২৫ চনৰ ডিচেম্বৰ মাহৰ চিত্ৰত সম্পূৰ্ণ ভিন্ন দৃশ্য দেখিবলৈ পোৱা যায়— য’ত গাঁও আৰু কৃষিভূমি উচ্ছেদ কৰি মাটি কটাৰ কাম আৰম্ভ কৰা হৈছিল। ২০২৬ চনৰ আগষ্ট মাহলৈকে নদীৰ গতিপথ সলনি কৰাৰ কাম, নতুন পথ, অস্থায়ী আৱাসগৃহ আৰু কাৰ্যালয় ভৱনসমূহ স্পষ্টৰূপে দেখা গৈছে। সমগ্ৰ গাঁওসমূহ আন ঠাইলৈ স্থানান্তৰ কৰাৰ তথ্যও নথিভুক্ত কৰা হৈছে। আৰ্থচেন্স লেবছৰ তথ্য অনুসৰি, ভাৰতীয় সীমান্তৰ সমীপৱৰ্তী মেডোগ কাউণ্টিৰ ওচৰৰ সুৰংগ নিৰ্গমন অঞ্চলটোত ২০২৫ চনৰ জুলাই মাহত প্ৰকল্পটোৰ আনুষ্ঠানিক শুভাৰম্ভ হোৱাৰ বহু আগতেই উন্নয়নমূলক কাম আৰম্ভ হৈছিল। ২০১৮ চনৰ চিত্ৰত নদীৰ পাৰত এটা সৰু জনবসতি আৰু প্ৰাৰম্ভিক পথ নিৰ্মাণৰ দৃশ্য দেখা গৈছিল। ২০২১ চনৰ ভিতৰত সেই স্থানত এটা উদ্যোগিক আৰু আৱাসিক চৌহদৰ লগতে এখন দলঙৰ নিৰ্মাণ কাৰ্য আগবাঢ়িছিল। চীনৰ এই প্ৰকল্পটোৰ নামনি অঞ্চলত পৰিব পৰা প্ৰভাৱ নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতে ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন ‘ছিয়াং আপাৰ বহুমুখী প্ৰকল্প’ৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱিত এই জলাধাৰটোৰ পানী ধাৰণ ক্ষমতা প্ৰায় ৯.২ বিলিয়ন ঘনমিটাৰ হ’ব, যি চীনৰ প্ৰকল্পটোৰ ৫.২ বিলিয়ন ঘনমিটাৰ ক্ষমতাতকৈ অধিক।
ছিয়াং, আপাৰ ছিয়াং আৰু ইষ্ট ছিয়াং জিলা সামৰি এই প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে এই জলাধাৰটোৱে ভাৰতক নামনিৰ জলপ্ৰবাহ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব আৰু খৰাং বতৰত নদীৰ পানীৰ স্তৰ বজাই ৰাখিব।অৱশ্যে, স্থানীয় লোকক স্থানান্তৰ আৰু পাৰিপাৰ্শ্বিক ক্ষতিৰ আশংকাত স্থানীয় আদি জনগোষ্ঠীয়ে ভাৰতৰ এই প্ৰস্তাৱিত প্ৰকল্পটোৰ তীব্ৰ বিৰোধিতা কৰিছে। প্ৰতিবাদকাৰীসকলে অন্য নদীত সৰু জলবিদ্যুৎ প্ৰকল্পৰ প্ৰতি সমৰ্থন জনালেও ছিয়াং নদীৰ ওপৰত বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰিছে, কিয়নো তেওঁলোকে ছিয়াং নদীক মাতৃ জ্ঞান কৰি পূজা কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে চৰকাৰে প্ৰাক-সম্ভাৱ্যতা প্ৰতিবেদনৰ জৰীপ চলোৱাৰ সিদ্ধান্ত লোৱাৰ পাছত অঞ্চলটোত উত্তেজনা বৃদ্ধি পায় আৰু প্ৰস্তাৱিত স্থানৰ ওচৰত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী মোতায়েন কৰিবলগীয়া হয়।
