প্ৰায় দুবছৰ ধৰি চলি থকা আদানী গোষ্ঠীৰ বিৰুদ্ধে আমেৰিকাৰ ফৌজদাৰী গোচৰৰ আইনী প্ৰক্ৰিয়াৰ অৱসান ঘটালে নিউয়ৰ্কৰ আদালতে। আমেৰিকাৰ পূব নিউয়ৰ্ক জিলা আদালতে আদানী গোষ্ঠীৰ অধ্যক্ষ গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানীৰ বিৰুদ্ধে উত্থাপিত ফৌজদাৰী অভিযোগসমূহ স্থায়ীভাৱে খাৰিজ কৰে।
আমেৰিকাৰ ন্যায় বিভাগে দাখিল কৰা অভিযোগ খাৰিজৰ আবেদনৰ ভিত্তিত ন্যায়াধীশ নিকোলাছ গাৰাউফিছে এই সিদ্ধান্ত গ্ৰহণ কৰে। গৌতম আদানী, সাগৰ আদানী আৰু আদানী গ্ৰীন এনাৰ্জীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিনীত জৈনৰ বিৰুদ্ধে জামিনযোগ্য ঋণ আৰু বণ্ডৰ জৰিয়তে ধন সংগ্ৰহৰ সৈতে জড়িত প্ৰতাৰণা আৰু ভাৰতীয় চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছিল।
আমেৰিকাৰ পূব নিউয়ৰ্ক জিলা আদালতে ন্যায় বিভাগে দাখিল কৰা আবেদনৰ ভিত্তিত গৌতম আদানী, সাগৰ আদানী আৰু বিনীত জৈনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ ‘ডিছমিছেল উইথ প্ৰেজুডিচ’ৰ অধীনত খাৰিজ কৰে। আদালতৰ এই সিদ্ধান্তৰ ফলত গোচৰটোৰ ফৌজদাৰী প্ৰক্ৰিয়া স্থায়ীভাৱে সমাপ্ত হয় আৰু একেটা অভিযোগ পুনৰ দাখিলৰ পথ বন্ধ হয়। অৱশ্যে অভিযোগ খাৰিজ কৰাৰ এই সিদ্ধান্তক মূল অভিযোগসমূহৰ সত্যতা বা অসত্যতাৰ ওপৰত আদালতৰ কোনো ন্যায়িক সিদ্ধান্ত হিচাপে গণ্য কৰা হোৱা নাই।
উল্লেখ্য যে, ২০২৪ চনৰ নৱেম্বৰত আমেৰিকাৰ তদন্তকাৰী সংস্থাই অভিযোগ উত্থাপন কৰিছিল যে গৌতম আদানী, সাগৰ আদানী, বিনীত জৈনসহ আন কেইবাজনো লোক ভাৰতীয় চৰকাৰী বিষয়াক প্ৰায় ২৫ কোটি মাৰ্কিন ডলাৰৰ উৎকোচ দিয়াৰ ষড়যন্ত্ৰত জড়িত আছিল। অভিযোগ অনুসৰি, এই উৎকোচৰ জৰিয়তে সৌৰ শক্তি প্ৰকল্পৰ চুক্তি লাভৰ লক্ষ্য ৰখা হৈছিল, যাৰ পৰা দুটা দশকত ২০০ কোটি মাৰ্কিন ডলাৰৰো অধিক কৰ-পৰৱৰ্তী লাভৰ সম্ভাৱনা আছিল।
ইয়াৰ লগতে আমেৰিকাৰ বজাৰত ঋণ আৰু বণ্ড জাৰি কৰি ৩০০ কোটি মাৰ্কিন ডলাৰৰো অধিক ধন সংগ্ৰহৰ সময়ত বিনিয়োগকাৰীক বিভ্ৰান্ত কৰাৰ অভিযোগো উত্থাপিত হৈছিল। অৱশ্যে আদানী গোষ্ঠীয়ে আৰম্ভণিৰে পৰা এই অভিযোগ অস্বীকাৰ কৰি আহিছে আৰু সকলো প্ৰযোজ্য আইন আৰু নিয়ন্ত্ৰণমূলক বিধি মানি চলাৰ দাবী কৰি আহিছে।
ইফালে, গোচৰটো খাৰিজৰ পূৰ্বে ন্যায়াধীশ গাৰাউফিছে ন্যায় বিভাগক অভিযোগ প্ৰত্যাহাৰৰ কাৰণ ৰাজহুৱাভাৱে ব্যাখ্যা কৰিবলৈ নিৰ্দেশ দিয়ে। গৌতম আদানীসহ অভিযুক্তসকলকো কোনো প্ৰতিশ্ৰুতি, সুবিধা, বিনিময়মূলক চুক্তি বা গোপন বুজাবুজিৰ জৰিয়তে গোচৰটো খাৰিজৰ সিদ্ধান্তত প্ৰভাৱ পেলোৱা হোৱা নাই বুলি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়।
ন্যায় বিভাগে আদালতত দিয়া ব্যাখ্যাত আমেৰিকাৰ চৰকাৰৰ হৈ গোচৰটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অধিকাৰক্ষেত্ৰ আৰু প্ৰমাণ সম্পৰ্কীয় জটিলতাৰ কথা উল্লেখ কৰে। অভিযোগৰ অধিকাংশ ঘটনাই ভাৰতত সংঘটিত হোৱা, ভাৰতীয় কৰ্তৃপক্ষই বিষয়টো পৰীক্ষা কৰা আৰু বিনিয়োগকাৰীৰ ক্ষতিৰ কোনো নিৰ্দিষ্ট প্ৰমাণ নথকাৰ কথাও চৰকাৰী পক্ষই দাঙি ধৰে।
আনহাতে, গৌতম আদানীয়ে আদালতৰ সিদ্ধান্তক আদৰণি জনাই ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰতি আস্থা অটুট থকাৰ কথা উল্লেখ কৰে। ইফালে, আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনৰ পৃথক দেৱানী গোচৰতো চূড়ান্ত সিদ্ধান্ত প্ৰকাশ পাইছে। সেই সিদ্ধান্ত অনুসৰি অভিযোগ স্বীকাৰ নকৰাকৈয়ে গৌতম আদানীয়ে ৬০ লাখ মাৰ্কিন ডলাৰৰ জৰিমনা পৰিশোধ কৰিবলৈ সন্মতি জনাইছে।
