কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০২৭ চনৰ লোকপিয়লৰ সময়ত সোধা হ’বলগীয়া ৪০ টা প্ৰশ্নৰ এখন তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। ‘পিয়ল আইন, ১৯৪৮’ ৰ অধীনত প্ৰাপ্ত ক্ষমতা অনুসৰি ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ কাৰ্যালয়ে এই প্ৰশ্নসমূহ অধিসূচিত কৰিছে। পিয়লৰ কামত নিয়োজিত বিষয়া সকলে তেওঁলোকৰ নিৰ্ধাৰিত অঞ্চলসমূহত গৃহসূচী ব্যৱহাৰ কৰি এই প্ৰশ্নসমূহ সুধিব। এইবাৰৰ লোকপিয়ল হ’ব ভাৰতৰ ইতিহাসত প্ৰথমখন সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে কৰা পিয়ল। ১৯৩১ চনৰ পিছত প্ৰথমবাৰৰ বাবে লোকপিয়লত জনসাধাৰণৰ জাতিগত তথ্য সংগ্ৰহ কৰা হ’ব।
প্ৰশ্নসমূহৰ মুখ্য দিশসমূহ: ১. জনসংখ্যা আৰু ব্যক্তিগত তথ্য: নাম, বয়স, লিংগ, বৈবাহিক অৱস্থা, পত্নী বা পতিৰ নাম, ৰাষ্ট্ৰীয়তা, ধৰ্ম, আৰু প্ৰশ্ন নম্বৰ ১০ ৰ অধীনত জাতি বা জনজাতিৰ তথ্য সংগ্ৰহ কৰা হ’ব। ২. শিক্ষা আৰু দক্ষতা: নিৰক্ষৰতা/সাক্ষৰতাৰ অৱস্থা আৰু সৰ্বোচ্চ শৈক্ষিক যোগ্যতা। ৩. আৰ্থ-সামাজিক আৰু প্ৰব্ৰজন: বৃত্তি, উদ্যোগ, জন্মস্থান আৰু প্ৰব্ৰজনৰ কাৰণসমূহ সংগ্ৰহ কৰা হ’ব। ৪. পৰিচয় আৰু অন্যান্য সেৱা: মোবাইল নম্বৰ, আধাৰ নম্বৰ, ভোটাৰ কাৰ্ড, পাছপ’ৰ্ট নম্বৰ, ড্ৰাইভিং লাইচেঞ্চৰ উপলব্ধতা, বেংক একাউণ্টৰ বিৱৰণ, আৰু ক’ভিড-১৯ প্ৰতিষেধক গ্ৰহণ কৰা স্থানৰ তথ্য সংগ্ৰহ কৰা হ’ব। ৫. পৰিয়াল সংক্রান্তীয় তথ্য: বৰ্তমান বিবাহিত, বিধৱা, বিবাহবিচ্ছেদিত বা পৃথকভাৱে থকা মহিলাসকলৰ বাবে জীৱিত শিশু বা জন্ম লাভ কৰা সন্তানৰ সংখ্যা সংগ্ৰহ কৰা হ’ব।
লোকপিয়লৰ সময়সূচী: প্ৰথম পৰ্যায়: গৃহ গণনা আৰু গৃহ সম্পৰ্কীয় বিৱৰণ প্ৰথম পৰ্যায়ত সামৰি লোৱা হৈছে (যিটো যোৱা জানুৱাৰী মাহত অধিসূচিত কৰা হৈছিল)।দ্বিতীয় পৰ্যায় (দুৰ্গম অঞ্চল): লাডাখ আৰু জুম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ তথা উত্তৰাখণ্ডৰ বৰফাবৃত অঞ্চলসমূহত ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৬ ৰ ভিতৰত এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। দ্বিতীয় পৰ্যায় (দেশৰ বাকী অংশ): মূল জনসংখ্যা গণনা প্ৰক্ৰিয়া ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব।
