মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু দুজন নিৰ্বাচনী আয়ুক্তৰ আইনী সুৰক্ষা তথা সুকীয়া সিদ্ধান্ত গ্ৰহণৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ মান্তি হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি ভাৰতীয় নিৰ্বাচন আয়োগ আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী প্ৰেৰণ কৰি এসপ্তাহৰ ভিতৰত উত্তৰ তলব কৰিছে।
ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনাৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিছে। পিছে, আদালতত শুনানি অবিহনে মুখ্য নিৰ্বাচনী আয়ুক্তক এককভাৱে কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত ৰাখিবলৈ অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ দিবলৈ ন্যায়ালয়ে অস্বীকাৰ কৰে।
ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে যদি নিৰ্বাচন আয়োগৰ কোনো সিদ্ধান্ত আইনসন্মত নহয়, তেন্তে ইয়াক বাতিল কৰা হ’ব। ইয়াৰ উপৰিও, নিৰ্বাচন আয়োগৰ সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমে বা সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত হ’ব লাগে বুলি আদালতে মন্তব্য কৰে।
