প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাচিত দিৱস উপলক্ষে মহান আহোম সেনাপতি লাচিত বৰফুকনলৈ তেওঁৰ সাহস আৰু অসমক ৰক্ষা কৰাৰ দৃঢ় সংকল্পক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে লাচিত বৰফুকনৰ উল্লেখযোগ্য নেতৃত্ব আৰু ৰাইজৰ প্ৰতি থকা তেওঁৰ সমৰ্পণে প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে আৰু সকলোকে অসমৰ শক্তি আৰু চেতনাৰ কথা সোঁৱৰাই দিয়ে।
প্ৰধানমন্ত্ৰীয়ে X-ত পোষ্ট কৰে:
“লাচিত দিৱসত, আমি মহান লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, যাৰ সাহস আৰু দৃঢ় সংকল্পই অসমক ৰক্ষা কৰাত সহায় কৰিছিল। তেওঁৰ উল্লেখযোগ্য নেতৃত্ব আৰু ৰাইজৰ প্ৰতি থকা সমৰ্পণে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে, লগতে অসমৰ শক্তি আৰু চেতনাৰ কথাও আমাক সোঁৱৰাই দিয়ে।”
