লাৰ্ছেন এণ্ড টাৰ্ব-ই নিজৰ ধাতু আৰু খনিজ ব্যৱসায়ত কেইবাটাও ডাঙৰ অৰ্ডাৰ লাভ কৰিছে। ইয়াৰ ফলত খনি, তীখা আৰু অ-লোহ ধাতুৰ আন্তঃগাঁথনি খণ্ডত কোম্পানীটোৰ স্থিতি আৰু অধিক শক্তিশালী হৈ পৰিছে। লোৰ আকৰিক সংক্ৰান্তীয় কাম-কাজ, তীখা কাৰখানাৰ সম্প্ৰসাৰণ আৰু জিংক(দস্তা) সংসাধনৰ দৰে বিভিন্ন প্ৰকল্পই ইঞ্জিনিয়াৰিং আৰু ইপিচি খণ্ডৰ এক শীৰ্ষস্থানীয় প্ৰতিষ্ঠান হিচাপেএল এণ্ড টি-ৰ স্থানক পুনৰবাৰ প্ৰমাণিত কৰিছে। একে সময়তে ই কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এছ এন সুব্ৰহ্মণ্যনৰ সেই দীৰ্ঘম্যাদী ৰণনীতিকো প্ৰতিফলিত কৰিছে, যাৰ লক্ষ্য হৈছে বহুমুখী ইঞ্জিনিয়াৰিং সামৰ্থ্যৰ জৰিয়তে ভাৰতৰ ঔদ্যোগিক বিকাশক সহায় কৰা।
এই অগ্ৰগতি সন্দৰ্ভত মন্তব্য কৰি এছ এন সুব্ৰহ্মণ্যনে কয় যে, “ভাৰতে দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশৰ বাবে নিজৰ ধাতু আৰু খনিজ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত বিনিয়োগ ক্ষিপ্ৰতৰ কৰি তুলিছে। এনে সময়ত দেশৰ শীৰ্ষস্থানীয় উদ্যোগসমূহৰ সৈতে অংশীদাৰিত্বৰে বিশ্বমানৰ ঔদ্যোগিক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ এল এণ্ড টি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।”
আটাইতকৈ ডাঙৰ ঠিকাটো ভাৰতৰ সৰ্ববৃহৎ লোৰ আকৰিক উৎপাদক প্ৰতিষ্ঠানটোৰ পৰা আহিছে, যিয়ে ২০৩০ চনৰ ভিতৰত নিজৰ উৎপাদন ক্ষমতা বাৰ্ষিক ১০০ নিযুত টনলৈ (এমটিপিএ) বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। লাৰ্ছেন এণ্ড টাৰ্বই ছত্তীছগঢ়ত এক ১৮এমটিপিএ ক্ষমতাৰ লোৰ আকৰিক ব্যৱস্থাপনা কাৰখানা নিৰ্মাণ কৰিব। ইয়াৰ অধীনত ইঞ্জিনিয়াৰিং, ক্ৰয়, সংস্থাপন আৰু যোগান ধৰা হ’ব— য’ত এটা ডাউনহিল কনভেয়ৰ চিষ্টেম, স্ক্ৰীনিং প্লাণ্ট, ষ্টকপাইল, য়াৰ্ডৰ সঁজুলি আৰু এটা ৰেপিড ৱাগন লোডিং চিষ্টেম অন্তৰ্ভুক্ত থাকিব। এই প্ৰকল্পটোৱে সামগ্ৰী পৰিচালনা আৰু লজিষ্টিকছৰ দক্ষতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে, যিয়ে দেশৰ ক্ৰমবৰ্ধমান তীখা উদ্যোগক সহায় কৰিব।
ইয়াৰ উপৰিও এলএণ্ডটি-এ পশ্চিম বংগৰ এখন ৰাজহুৱা খণ্ডৰ নৱৰত্ন তীখা কাৰখানাৰ সম্প্ৰসাৰণৰ বাবে একাধিক ডিজাইন এণ্ড বিল্ড আৰু বেলেন্স অব প্লাণ্ট পেকেজ লাভ কৰিছে। এই কাম সম্পূৰ্ণ হ’লে কাৰখানাটোৰ উৎপাদন ক্ষমতা বাৰ্ষিক ২.৫ নিযুত টনৰ পৰা ৭.১ নিযুত টনলৈ বৃদ্ধি পাব, যাৰ ফলত ঘৰুৱা তীখা উৎপাদন খণ্ড শক্তিশালী হ’ব।
কোম্পানীটোৰ অৰ্ডাৰ বুকত যোগ হৈছে আন এটা ইপিচি ঠিকা। এইটো এটা আগশাৰীৰ ব্যক্তিগত খণ্ডৰ ধাতু উৎপাদক প্ৰতিষ্ঠানৰ পৰা পোৱা জিংক প্ৰচেছিং প্লাণ্টৰ প্ৰকল্প। ইয়াৰ পৰিসৰৰ ভিতৰত ডিজাইন, ইঞ্জিনিয়াৰিং, ক্ৰয়, সংস্থাপন, কমিশনিং আৰু আনুষংগিক ক্ষেত্ৰভিত্তিক সেৱাসমূহ অন্তৰ্ভুক্ত আছে। ই লোহা আৰু অ-লোহা উভয় ধাতুৰ আন্তঃগাঁথনি খণ্ডতে এলএণ্ডটিৰ উপস্থিতি অধিক সম্প্ৰসাৰিত কৰিব।
সামগ্ৰিকভাৱে, এই প্ৰকল্পসমূহে ধাতু মূল্য শৃংখলাৰ একাধিক অংশত বৃহৎ পৰিসৰৰ ইঞ্জিনিয়াৰিং কাৰ্যসূচী ৰূপায়ণ কৰাৰ এলএণ্ডটি-ৰ দক্ষতাক প্ৰদৰ্শন কৰে। লগতে ই ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে গ্ৰাহকৰ মাজত এক সন্তুলন বজাই ৰখাটো বুজায়।
শেহতীয়া এই সাফল্যৰ বিষয়ে উল্লেখ কৰি এছ এন সুব্ৰহ্মণ্যনে লগতে কয় যে, “এই বিশ্বাসযোগ্যতাই মিনাৰেলছ আৰু মেটেলছ ইপিচি শিতানত এলএণ্ডটিৰ স্থায়ী নেতৃত্বক পুনৰ প্ৰতিষ্ঠা কৰিছে। ইয়াৰ উপৰিও ব্যতিক্ৰমী পৰিসৰ আৰু জটিলতা থকা প্ৰকল্পসমূহ সফলতাৰে ৰূপায়ণ কৰিব পৰা আমাৰ সামৰ্থ্যৰ ওপৰত গ্ৰাহকসকলে ৰখা গভীৰ আস্থাকে ই প্ৰতিফলিত কৰে।”
এই ঠিকাসমূহে এছ এন সুব্ৰহ্মণ্যনৰ নেতৃত্বত এলএণ্ডটিৰ ব্যাপক কৌশলগত দিশকো প্ৰদৰ্শন কৰে। কোম্পানীটোৱে যিদৰে এআই আন্তঃগাঁথনি, ডিজিটেল ইঞ্জিনিয়াৰিং আৰু নৱীকৰণযোগ্য শক্তিৰ দৰে নতুন খণ্ডসমূহলৈ নিজৰ পৰিসৰ বৃদ্ধি কৰিছে, ঠিক সেইদৰে নিজৰ মূল ইঞ্জিনিয়াৰিং ব্যৱসায়সমূহ শক্তিশালী কৰাৰ ক্ষেত্ৰতো সমানেই গুৰুত্ব দিছে। এই সন্তুলিত দৃষ্টিভংগীয়ে এলএণ্ডটি-ক নতুন প্ৰযুক্তিৰ সুযোগসমূহ লাভ কৰাত সহায় কৰাৰ লগতে ভাৰতৰ উৎপাদন আৰু আন্তঃগাঁথনি লক্ষ্যৰ বাবে অপৰিহাৰ্য হৈ থকা খণ্ডসমূহক অধিক শক্তিশালী কৰাত সহায় কৰিব।
ঔদ্যোগিক ক্ষমতাত বিনিয়োগ বৃদ্ধিৰ সময়ছোৱাত খনি, ধাতু আৰু উৎপাদন খণ্ডত দক্ষতা থকা ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানসমূহে ভৱিষ্যতে অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। এলএণ্ডটিৰ এই শেহতীয়া অৰ্ডাৰসমূহে কেৱল প্ৰকল্পৰ তালিকাই বৃদ্ধি কৰা নাই, বৰঞ্চ ভাৰতৰ ঔদ্যোগিক উন্নয়নত সহায়ক হোৱাকৈ বহুমুখী ক্ষমতা গঢ়ি তোলাৰ দীৰ্ঘম্যাদী ৰণকৌশলকো শক্তিশালী কৰিছে।
