উজনি অসমৰ বানাক্ৰান্ত চাৰিখন জিলা ক্ৰমে – শিৱসাগৰ , চৰাইদেউ , যোৰহাট আৰু গোলাঘাট জিলাত বিগত প্ৰায় এটা সপ্তাহ ধৰি বানৰ কৱলত ককবকাই থাকিব লগা হৈছে কেবা লক্ষাধিক ৰাইজ । বৰ্তমান পানী সামান্য কমিলেও ৰাইজৰ দুখ – দুদৰ্শা আঁতৰ হোৱা নাই। ইয়াৰ মাজতে ৰাজ্যৰ শাসকীয় এন ডি এ মৰ্চাৰ অন্যতম সহযোগী দল অগপৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অগপ দলৰ লগতে দলটোৰ সকলো ভাতৃ – ভগ্নী সংগঠন সমূহক উজনি অসমৰ বানাক্ৰান্ত ৰাইজক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল।
সেই আহ্বান অনুসৰি অগপ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ মধ্য গুৱাহাটী সমষ্টি যুৱ বিধান পৰিষদৰ উদ্যোগত আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতা অনুৰাগী মঞ্চৰ সহযোগত ২৬ জুলাইত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰীৰ নেতৃত্বত শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ বানপীড়িত অঞ্চলসমূহত প্ৰায় ৩ লাখ টকাৰ প্ৰয়োজনীয় খাদ্য আৰু সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। পৰিষদৰ কৰ্মকৰ্তাসকলে বানাক্ৰান্ত ৰাইজৰ মাজত কাপোৰ , ঔষধ, মিঠাতেল, বিস্কুট , চাবোন, মহধূপ , চকচ, হালধি, পানী,গাখীৰ, মেগী, নিমখ আদি বিতৰণ কৰে।
সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ বিধান পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰীৰ উপৰিও ,১৩ নং ৱাৰ্ডৰ সভাপতি ৰতন নাথ,১২ নং ৱাৰ্ডৰ কাৰ্যকৰী সভাপতি শ্বেখৰ সিং আৰু ৰঞ্জন দাস, ১১নং ৱাৰ্ডৰ সম্পাদক ৰাজেশ চক্ৰৱৰ্তী আৰু সহকাৰী সম্পাদক লিটন ৰয় উপস্থিত থাকে।
