গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৭৯ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে ভালুৰী অজয়া বাবুৱে। ২১ বছৰীয়া অজয়া বাবুৱে মুঠ ৩৩০ কিলোগ্ৰাম ওজন তুলি পদক লাভ কৰে। স্নেচত ১৪৯ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১৮১ কিলোগ্ৰাম ওজন তুলি দ্বিতীয় স্থান দখল কৰে। মালয়েছিয়াৰ আলী হিদায়তৰ পৰা মাত্ৰ এক কিলোগ্ৰাম পিছ পৰি তেওঁ স্বৰ্ণ পদক হেৰুৱাইছিল। ইংলেণ্ডৰ ক্ৰীছ মাৰেই ৩২৫ কিলোগ্ৰাম ওজনেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
তেওঁৰ পিতৃ শ্ৰীনিবাসে ২০১০ চনত ভাৰতত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ৫৬ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। এই খেলসমূহত ভাৰতৰ এয়া ষষ্ঠটো ৰূপৰ পদক যদিও অজয়াৰ বাবে ইয়াৰ তাৎপৰ্য অপৰিসীম। ভাৰোত্তোলনৰ বাবে পৰিচিত গাঁও অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰম জিলাৰ কোণ্ডাভেলেগড়া গাঁৱৰ তেওঁৰ ঘৰ। এই গাঁওখনে দেশৰ বাবে অসংখ্য ভাৰোত্তোলক সৃষ্টি কৰিছে, যিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে।
এতিয়া অজয়াই নিজৰ গাঁৱৰ সুনাম আৰু অধিক বৃদ্ধি কৰিছে। গ্লাছগোত এতিয়ালৈকে ভাৰতীয় ভাৰোত্তোলকসকলে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। আশা কৰা মতে মীৰাবাঈ চানুৱে সোণৰ পদক লাভ কৰে। ভাৰতৰ হৈ আন চাৰিগৰাকী খেলুৱৈয়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে এজনে ব্ৰঞ্জৰ পদক লাভ কৰে।
