ডিএছপি মিউচুৱেল ফাণ্ডে আগবঢ়াইছে ডিএছপি এছএণ্ডপি বিএছই লিকুইড ৰেট ইটিএফ 

397

ডিএছপি মিউচুৱেল ফাণ্ডে ডিএছপি এছএণ্ডপি বিএছই লিকুইড ৰেটইটিএফ (ডিএছপি বিএলআৰইটিএফ), এছএণ্ডপি বিএছই লিকুইড ৰেট সূচকাংকৰ প্ৰতিলিপি/ অনুসৰণ কৰা অপেন-এণ্ডেড(মুকলি আঁচনি) আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই স্কিমখন বিনিয়োগকাৰীসকলৰ বাবে উপযুক্ত, যিয়ে মাৰ্জিন একাউণ্টত নিষ্ক্ৰিয় হৈ থকা ধন ৰাখি যিকোনো ৰিটাৰ্ণ প্ৰদান নকৰে; ইয়াৰ পৰিৱৰ্তে, ডিএছপি বিএলআৰ ইটিএফৰ ইউনিটত পাৰ্কিং মানিয়ে অতিৰিক্ত ৰিটাৰ্ণ অৰ্জন কৰাত সহায় কৰিব পাৰে। এই স্কিমে ১ডি মেচিয়ৰিটী(পৰিপূৰ্ণতা)ৰ সৈতে অভাৰনাইট সঁজুলি বা বিকল্পত বিনিয়োগ কৰে।

এই পুঁজিয়ে বিনিয়োগকাৰীসকলক যথেষ্ট লিকুইডিটি আৰু কম ৰিস্কৰ সৈতে সহজ নগদ ধন ব্যৱস্থাপনাৰ সুবিধা প্ৰদান কৰিছে। মাৰ্জিন একাউণ্টত ধন অচল হৈ থকা বিনিয়োগকাৰীৰ বাবে এই স্কিমখন উপযোগী যিয়ে কোনো লাভ নিদিয়ে; ইয়াৰ পৰিৱৰ্তে, ডিএছপি বিএলআৰ ইটিএফৰ ইউনিটত ধন পাৰ্কিং কৰিলে তেওঁলোকক অতিৰিক্ত ৰিটাৰ্ণ লাভ কৰাত সহায় কৰিব পাৰে। এই আঁচনিখনে ১ডি মেচিউৰিটি থকা অভাৰনাইট ইনষ্ট্ৰুমেণ্টত বিনিয়োগ কৰে।ডিএছপি এছএণ্ডপি বিএছই লিকুইড ৰেট সূচকাংকই অভাৰনাইট মাৰ্কেটত কম বিপদজনক(ল’-ৰিস্ক) ছিকিউৰিটিত বিনিয়োগৰ বাবে লৱাৰ ভলেটাইল(কম অস্থিৰ) ৰিটাৰ্ণ প্ৰফাইল প্ৰদান কৰে। এনএছই আৰু বিএছইৰ অনুমোদনৰ অধীনত ইয়াক ব্যৱসায়ৰ বাবে নগদ ধনৰ সমতুল্য মাৰ্জিন হিচাপেও ব্যৱহাৰ কৰিব পাৰি।

এই স্কিমখনৰ বাবে কম বিপদজনক সঁজুলি(ইনষ্ট্ৰুমেণ্চ) যেনে ট্ৰাই-পাৰ্টী ৰেপ’, চৰকাৰী ছিকিউৰিটিজত ৰেপ’, ৰিভাৰ্ছ ৰেপ’, আৰবিআই আৰু ছেবিয়ে অনুমোদন জনোৱা অন্যান্য অভাৰনাইট ইনষ্ট্ৰুমেণ্ট(সঁজুলি)ত নূন্যতম ৯৫%ৰ পৰা ১০০% বিনিয়োগৰ প্ৰয়োজন। ডিএছপি মিউচুৱেল ফাণ্ডৰ পেচিভ ইনভেষ্টমেণ্টছ এণ্ড প্ৰডাক্টছৰ চিএফএৰ মুৰব্বী অনিল গেলানীয়ে কয় যে, “ডিএছপি এছএণ্ডপি বিএছ ই লিকুইড ৰেট ইটিএফক বিনিয়োগকাৰীৰ ধন সদায় ব্যৱহাৰ হ’ব পৰালৈ ডিজাইন কৰা হৈছে আৰু সেয়েহে ইয়াক বৃহৎ খুচুৰা ক্লায়েণ্ট পিএমএছ থকা ব্ৰকাৰ(দালাল)ৰ বাবে এক উপযোগী সামগ্ৰী কৰি তোলা হৈছে  যিয়ে প্ৰদানকাৰী, এফ এণ্ড অ’ ব্ৰকাৰ, প্ৰত্যক্ষ ইকুইটি এইচএনআইত বিনিয়োগ কৰা প্ৰতিষ্ঠান আৰু ষ্টক এক্সচেঞ্জত ব্যৱসায় কৰা খুচুৰা বিনিয়োগকাৰীক বিশেষ সুযোগ প্ৰদান কৰিব।” ডিএছপি বিএলআৰইটিএফৰ বাবে নিউ ফাণ্ড অফাৰ ২০২৪ চনৰ ১৫ মাৰ্চত চাবস্ক্ৰিপচনৰ বাবে মুকলি হৈ ২০২৪ চনৰ ২০ মাৰ্চত সমাপ্ত হ’ব।