ঘোষণা হ’ল নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে এআইইউডিএফৰ প্ৰাৰ্থীৰ নাম। আজি দলে ঘোষণা কৰা অনুসৰি আসন্ন উপ-নিৰ্বাচনত সমষ্টিটোত প্ৰাৰ্থিত্ব আগবঢ়াব এআইইউডিএফৰ মুৰব্বী তথা বিধায়ক বদৰুদ্দিন আজমলে। পূৰ্বে এই সমষ্টিৰ পৰা ৰেজাউল কৰিম সৰকাৰে প্ৰাৰ্থিত্ব লাভ কৰিব বুলি জল্পনা-কল্পনা চলি থকাৰ সময়তে আজমলক প্ৰাৰ্থী হিচাপে ঘোষণা কৰে এআইইউডিএফে।
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনৰ মাত্ৰ এদিন পূৰ্বে এই সিদ্ধান্ত ঘোষণা কৰে দলৰ নেতৃত্বই। আজমলৰ প্ৰাৰ্থিত্ব ঘোষণাৰ লগে লগে সমষ্টিটোত বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত এক আকৰ্ষণীয় ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতাৰ সূচনা হৈছে।
আনহাতে, বিজেপিয়ে এই আসনখনৰ বাবে প্ৰক্ষেপ কৰিছে প্ৰাক্তন আইএএছ বিষয়া দেৱাশীষ শৰ্মাক। চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি যোৱা ৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছিল শৰ্মাই।
বিজেপি আৰু এআইইউডিএফৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে।
নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি, নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে অহা ৬ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।
মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৬ ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে আৰু প্ৰাৰ্থীসকলে ১৯ ছেপ্টেম্বৰলৈকে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়নৰ অন্তিম মুহূৰ্তত তিনিটা প্ৰধান ৰাজনৈতিক দলেই নিজৰ প্ৰাৰ্থী চূড়ান্ত কৰাত সমষ্টিটোৰ ৰাজনৈতিক পৰিৱেশ এতিয়া বিশেষভাৱে উত্তাল হৈ পৰিছে।
