ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ সম্পূৰ্ণকৈ গোৱাক লৈ সৃষ্টি হোৱা বিতৰ্ক এইবাৰ উপনীত হ’ল আদালতৰ মজিয়াত। ৰাজ্যিক কাৰ্যসূচীত ‘বন্দে মাতৰম’ৰ কেৱল প্ৰথম দুটা স্তৱক গোৱাৰ সন্দৰ্ভত কৰ্ণাটক চৰকাৰে জাৰি কৰা এটা শেহতীয়া নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছে।
কৰ্ণাটক চৰকাৰৰ সেই নিৰ্দেশনাত কোৱা হৈছিল যে সাধাৰণ চৰকাৰী কাৰ্যসূচীত গীতটোৰ মাত্ৰ প্ৰথম দুটা স্তৱকহে গোৱা হ’ব। অৱশ্যে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা ৰাজ্যপাল উপস্থিত থকা অনুষ্ঠানসমূহত গীতটোৰ সম্পূৰ্ণ অংশ পৰিৱেশন কৰাটো বাধ্যতামূলক কৰা হয়।
চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই অধিবক্তা অংগদ কামাথে দাখিল কৰা আবেদনখনত উত্থাপন কৰা হৈছে এক গুৰুত্বপূৰ্ণ আইনী প্ৰশ্ন। এটা কাৰ্যবাহী নিৰ্দেশৰ জৰিয়তে ৰাজ্য চৰকাৰে জাতীয় সংগীত ‘জন গণ মন’ৰ দৰে ৰাষ্ট্ৰীয় প্ৰতীক চিহ্ন ‘বন্দে মাতৰম’ৰ স্বৰূপ আৰু বিষয়বস্তু সলনি কৰাৰ অধিকাৰ আছেনে নাই, সেই সন্দৰ্ভত আদালতৰ দৃষ্টি আকৰ্ষণ কৰে আবেদনকাৰীয়ে।
আবেদনখনত যুক্তি দৰ্শোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ নীতি অনুসৰি জাতীয় গীতৰ ৬ টা স্তৱক গোৱাটো বাধ্যতামূলক। কৰ্ণাটক চৰকাৰৰ এনে কাৰ্যবাহী নিৰ্দেশনাই কেন্দ্ৰীয় চৰকাৰৰ সেই সাংবিধানিক সিদ্ধান্তক প্ৰত্যক্ষভাৱে উলংঘন কৰিছে।
উল্লেখ্য যে, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ‘ৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি অপমান প্ৰতিৰোধ আইন, ১৯৭১’ সংশোধন কৰি ‘বন্দে মাতৰম’কো জাতীয় সংগীতৰ দৰেই আইনী সুৰক্ষা প্ৰদান কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন লাভৰ পিছত এই বিধেয়কে আইনৰ ৰূপ লয়।
নতুন আইন অনুসৰি, ‘বন্দে মাতৰম’ পৰিৱেশনত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা স্থগিত ৰখা কাৰ্যক অপৰাধ হিচাপে গণ্য কৰা হৈছে। এনে অপৰাধত দোষী সাব্যস্ত হ’লে তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত কৰাৰ আইনী ব্যৱস্থা আছে।
