টেটলীয়ে নিজৰ গ্ৰীন টি শ্লিম কেয়াৰ পৰিসৰক স্বাস্থ্য-সচেতন গ্ৰাহকসকলৰ বাবে এক ব্যৱহাৰিক বিকল্প হিচাপে তুলি ধৰিছে। দৈনন্দিন সুস্থতাৰ অংশ হিচাপে শৰীৰৰ চৰ্বি সঠিক ব্যৱহাৰ আৰু ওজন নিয়ন্ত্ৰণত এল-কাৰ্নিটিন আৰু গ্ৰীন টিয়ে কেনেকৈ সহায় কৰিব পাৰে, সেই বিষয়ে কোম্পানীটোৱে আলোকপাত কৰিছে। কোম্পানীটোৰ মতে, এল-কাৰ্নিটিন হৈছে এক প্ৰকাৰৰ পুষ্টিকৰ উপাদান, যিয়ে শৰীৰৰ দীৰ্ঘ-শৃংখলযুক্ত ফেটি এচিডবোৰক মাইট’কণ্ড্ৰিয়ালৈ পৰিবহন কৰি শক্তি উৎপাদনত অংশ লয়, য’ত এইবোৰ শক্তিলৈ ৰূপান্তৰিত হয়। এই পুষ্টিকৰ উপাদান প্ৰাকৃতিকভাৱে দুগ্ধজাত সামগ্ৰী আদি খাদ্যত পোৱা যায়। ইয়াৰ উপৰিও মানৱ শৰীৰে লাইচিন আৰু মেথিঅ’নিন নামৰ এমিনো এচিডৰ পৰাও ইয়াক প্ৰস্তুত কৰিব পাৰে।
বৈজ্ঞানিক প্ৰমাণে দৰ্শায় যে, যেতিয়া এক সন্তুলিত আহাৰ আৰু নিয়মীয়া শাৰীৰিক পৰিশ্ৰম বা ব্যায়ামৰ সৈতে এল-কাৰ্নিটিন ব্যৱহাৰ কৰা হয়, তেতিয়া ই শৰীৰত জমা হৈ থকা চৰ্বি হ্ৰাস কৰাত সহায় কৰে। টেটলীয়ে জনোৱা মতে, যেতিয়া ইয়াক গ্ৰীন টিৰ সৈতে মিলাই লোৱা হয়, তেতিয়া এই উপাদানে দৈনন্দিন দিনচৰ্যাক পৰিপূৰ্ণ কৰি তোলে আৰু সামগ্ৰিক ওজন নিয়ন্ত্ৰণ প্ৰক্ৰিয়াত সমৰ্থন কৰিব পাৰে। টেটলীয়ে স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰতি গ্ৰাহকৰ ক্ৰমবৰ্ধমান আগ্ৰহলৈ লক্ষ্য ৰাখি প্ৰিমিয়াম গ্ৰীন টি ব্লেণ্ডত অতিৰিক্তভাৱে এল-কাৰ্নিটিন অন্তৰ্ভুক্ত কৰিছে। কোম্পানীটোৱে প্ৰকাশ কৰা মতে, এই চাহৰ প্ৰকাৰবোৰ কুইক-ফিক্স(চুটি পথ)ৰ সমাধান হিচাপে নহয়, বৰঞ্চ গ্ৰাহকক এক পৰিচিত পানীয়ৰ মাধ্যমেৰে নিয়মীয়াকৈ স্বাস্থ্যকৰ অভ্যাস গঢ়ি তুলিবলৈ ডিজাইন কৰা হৈছে।
গুৱাহাটী মহানগৰীত বৰ্তমান স্বাস্থ্য-সচেতন পানীয় আৰু কাৰ্যক্ষম পানীয়ৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে, কিয়নো স্থানীয় গ্ৰাহকসকলে এনে কিছুমান সামগ্ৰী বিচাৰে যিবোৰ নিজৰ দৈনন্দিন স্বাস্থ্যৰ দিনচৰ্যাৰ সৈতে খাপ খায়। উদ্যোগ জগতৰ পৰ্যবেক্ষকসকলে লক্ষ্য কৰিছে যে গুৱাহাটী মহানগৰখনত গ্ৰীন টিৰ জনপ্ৰিয়তা ধাৰাবাহিকভাৱে বাঢ়িছে আৰু অতিৰিক্ত স্বাস্থ্য-সহায়ক উপাদান থকা সামগ্ৰীসমূহে চহৰখনৰ ফিটনেছ-সচেতন আৰু চহৰীয়া গ্ৰাহকসকলক বিশেষভাৱে আকৰ্ষিত কৰিছে।
