বিদেশৰ পৰা ভাৰতত উপস্থিত হোৱা এগৰাকী মডেলৰ সন্দেহজনক গতিবিধিৰ বাবে তালাচী চলোৱাৰ সময়তে জব্দ হ’ল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে কেৰালাৰ এগৰাকী মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰাক্তন প্ৰতিযোগীক।
গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকী হৈছে ২৮ বছৰীয়া হৰ্ষা ছানী। ২০২৫ চনত অনুষ্ঠিত হোৱা ‘মিছেছ কেৰালা’ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল তেওঁ। থাইলেণ্ডৰ বেংককৰ পৰা ১০-১১ জুনৰ নিশা এয়াৰ ইণ্ডিয়াৰ এখন বিমানেৰে মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল হৰ্ষা।
জানিব পৰা মতে, বিমানবন্দৰত শুল্ক বিভাগৰ এয়াৰ ইণ্টেলিজেন্স ইউনিটে সন্দেহৰ ভিত্তিত তেওঁক আটক কৰি বেগ-পত্ৰ পৰীক্ষা কৰে। সেই সময়ত তেওঁৰ ট্ৰলী বেগৰ পৰা উদ্ধাৰ হয় ১২টা ভেকুৱাম-চীল কৰা পেকেট।
পেকেটসমূহ খুলি পৰীক্ষা কৰাৰ পিছত বিষয়াসকলে হাইড্ৰোপনিক কেঞ্চাবিছ বা হাইড্ৰোপনিক গাঞ্জা উদ্ধাৰ কৰে। প্ৰাথমিক পৰীক্ষাত সামগ্ৰীখিনি নিষিদ্ধ ড্ৰাগছ বুলি নিশ্চিত হোৱা বুলি জানিবলৈ দিয়ে শুল্ক বিভাগে।
কৰ্তৃপক্ষৰ মতে, জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১২ কোটি টকা। এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দকৰণে বিমানবন্দৰৰ নিৰাপত্তা সংস্থাসমূহৰ মাজতো চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইফালে, জেৰাৰ সময়ত হৰ্ষাই দাবী কৰে যে যাত্ৰাপথত এজন অচিনাকি ব্যক্তিয়ে সাময়িকভাৱে বেগটো তেওঁৰ হাতত দি আঁতৰি গৈছিল। কিন্তু এই ব্যাখ্যাত সন্তুষ্ট নহয় তদন্তকাৰী বিষয়াসকল। আত্মৰক্ষাৰ উদ্দেশ্যে এই কাহিনী সৃষ্টি কৰা হৈছে বুলিও সন্দেহ প্ৰকাশ কৰিছে শুল্ক বিভাগে।
ঘটনাৰ পিছতে নিষিদ্ধ মাদক দ্ৰব্য আৰু মনঃপ্ৰভাৱী পদাৰ্থ আইন অনুসৰি গ্ৰেপ্তাৰ কৰা হয় হৰ্ষাক। পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে, এই ঘটনাৰ আঁৰত কোনো আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰ জড়িত আছে নেকি সেই দিশতো তদন্ত অব্যাহত ৰাখিছে শুল্ক বিভাগে। থাইলেণ্ডৰ পৰা ভাৰতলৈ ড্ৰাগছ সৰবৰাহৰ কোনো বৃহৎ নেটৱৰ্ক সক্ৰিয় হৈ আছে নেকি সেয়াও খতিয়ান কৰি চাইছে তদন্তকাৰী সংস্থাই।
