আকাশমাৰ্গত উৰণৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক বিজুতিৰ ফলত প্ৰাণ হেৰুৱালে ৩৩ গৰাকী সেনা জোৱানে। কলম্বিয়াৰ প’ৰ্ট’ লেগুইজামোৰ পৰা উৰা মৰা ১২১ জন লোকসহ এখন সামৰিক পৰিবহণ বিমান বিমানবন্দৰৰ মাত্ৰ ২ কিলোমিটাৰ নিলগত দুৰ্ঘটনাগ্ৰস্ত হয়। হাৰকিউলিছ চি-১৩০ বিমানখনত ১১০ জন জোৱান আৰু ১১ জন ক্ৰু সদস্য আছিল বুলি বায়ুসেনাই নিশ্চিত কৰিছে। এই শোকাৱহ ঘটনাত ইতিমধ্যে ৩৩ জনৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৮১ জন লোক গুৰুতৰভাৱে আহত হৈছে। চহৰখনৰ উপ-মেয়ৰ কাৰ্লোছ ক্লাৰছে জনোৱা মতে, ভুক্তভোগীসকলৰ মৃতদেহ ইতিমধ্যে স্থানীয় মৰ্গলৈ প্ৰেৰণ কৰা হৈছে।
আহতসকলক উন্নত চিকিৎসাৰ বাবে স্থানান্তৰ কৰাৰ পূৰ্বে চহৰখনৰ মাত্ৰ দুখন ক্লিনিকত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। কলম্বিয়াৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা দৃশ্যত দুৰ্ঘটনাস্থলীৰ পৰা ধোঁৱাৰ ক’লা আৱৰণ ওপৰলৈ উঠি অহা দেখা গৈছে। প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰ’ ছানচেজে জনোৱা মতে, বিমানখনে পুটুমায়োৰ আন এখন চহৰলৈ সৈন্য কঢ়িয়াই নিয়াৰ সময়তে এই বিপৰ্যয় ঘটে। বায়ুসেনাৰ অধিনায়ক কাৰ্লোছ ফাৰ্নাণ্ডো ছিলভাই সদৰী কৰা মতে, বিমানখনত হঠাৎ যান্ত্ৰিক বিজুতি দেখা দিছিল।
বৰ্তমান আহতসকলক ৰাজধানী বগোটা আৰু অন্যান্য চিকিৎসালয়লৈ লৈ যাবলৈ বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে। এই দুৰ্ঘটনাত হতাহত হোৱা লোকসকলক সহায় কৰিবলৈ ওলাই অহা স্থানীয় জনসাধাৰণক উপ-মেয়ৰগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। দুৰ্ঘটনাস্থলীৰ পৰা বৰ্তমানলৈকে ৭৭ গৰাকী আহত লোকক উদ্ধাৰ কৰা হৈছে আৰু মৃতদেহ চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে।
