শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিতো কোনো তাৎক্ষণিক সকাহ নাপালে তেওঁ। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন নৱেম্বৰৰ প্ৰথম সপ্তাহত ধাৰ্য কৰিছে।ইয়াৰ পূৰ্বে ২৯ মে’ত গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। পৰৱৰ্তী সময়ত বিষয়টো উচ্চতম ন্যায়ালয়ত উত্থাপন হয়।১৭ আগষ্টৰ শুনানিত চৰকাৰী অধিবক্তাই সময় বিচাৰি আবেদন জনোৱাৰ পিছত আদালতে ৫ অক্টোবৰক পৰৱৰ্তী শুনানিৰ দিন হিচাপে ধাৰ্য কৰিছিল।উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বে নিম্ন আদালতত চলি থকা বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলো তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। সেই তথ্য-পাতি পৰ্যালোচনা কৰাৰ পিছতেই গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।এতিয়া নৱেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’বলগীয়া শুনানিৰ ওপৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী সিদ্ধান্ত নিৰ্ভৰ কৰিব।
