জেৰাই ফিটনেছ লিমিটেডে সমগ্ৰ দেশৰ ফিটনেছ অনুৰাগী, ক্ৰীড়াবিদ আৰু জিমলৈ যোৱা লোকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে এক ৰাষ্ট্ৰীয় শক্তি আৰু সহনশীলতা প্ৰতিযোগিতা লাষ্ট ৱান ষ্টেণ্ডিং মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই প্ৰতিযোগিতাখন ৰিবক কোম্পানীৰ অংশীদাৰিত্বত মুকলি কৰা হৈছে, যিয়ে মাৰ্চেণ্ডাইজ আৰু ফিটনেছ সামগ্ৰীৰ সহযোগী হিচাপে কাম কৰিব।
এই এদিনীয়া প্ৰতিযোগিতাখনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া মঙলবাৰৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ প্ৰথম সংস্কৰণ ২০২৬ চনৰ ১৩ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব। প্ৰথম সংস্কৰণৰ বাবে অংশগ্ৰহণকাৰীৰ সংখ্যা ৫০০গৰাকীলৈ সীমিত কৰা হৈছে আৰু প্ৰথমে অহা জনে প্ৰথমে সুযোগ নীতিৰ আধাৰত এই বাছনি কৰা হ’ব।
এটা সম্পূৰ্ণ ফিটনেছ প্ৰতিযোগিতা হিচাপে প্ৰস্তুত কৰা এই ইভেণ্টত ছটা ভাগ থাকিব — স্কোৱাটছ, বেঞ্চ প্ৰেছ, ডেডলিফ্ট, পুল-আপ, জায়েণ্ট বেট ৰান আৰু এয়াৰ বাইক চাইক্লিং। অংশগ্ৰহণকাৰীসকলে সকলো ক্ৰীড়াত পইণ্ট লাভ কৰিব আৰু প্ৰতিটো শ্ৰেণীত সৰ্বাধিক মুঠ পইণ্ট লাভ কৰা প্ৰতিযোগীক লাষ্ট ৱান ষ্টেণ্ডিং খিতাপ প্ৰদান কৰা হ’ব।
এই প্ৰতিযোগিতাত ১৮ বছৰ বা তাৰ ওপৰৰ পুৰুষ আৰু মহিলা উভয়ে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ বাবে বয়স তথা ওজন অনুসৰি বিভিন্ন শ্ৰেণী বিভক্ত কৰা হ’ব। খেলসমূহ নিকা আৰু স্বচ্ছ কৰিবলৈ প্ৰমাণিত ৰেফাৰীসকলে সমগ্ৰ খেল পৰিচালনা কৰিব। একক ইভেণ্টৰ বিজয়ীসকলে নগদ ধনৰ পুৰস্কাৰ লাভ কৰিব, আনহাতে সামগ্ৰিক শ্ৰেণীৰ বিজয়ীসকলক বিশেষ স্বীকৃতি আৰু বাম্পাৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব।
প্ৰতিযোগিতাখন মুকলি কৰি জেৰাই ফিটনেছৰ পৰিচালন সঞ্চালক ৰাজেশ ৰায়ে এই বিষয়ে কয় যে, বৰ্তমানৰ বহি থকা জীৱনশৈলীৰ যুগত মানুহক শাৰীৰিক সক্ৰিয়তা, সহনশীলতা আৰু মানসিক দৃঢ়তা আঁকোৱালি ল’বলৈ উৎসাহিত কৰাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।
গুৱাহাটী মহানগৰীৰ প্ৰেক্ষাপটত এই প্ৰতিযোগিতাখনে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ গ্ৰাহকসকলৰ মাজত ফিটনেছ আৰু সুস্থতা কাৰ্যসূচীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাকে প্ৰতিফলিত কৰিছে। শেহতীয়া বছৰবোৰত চহৰখনত জিম, ফিটনেছ কেন্দ্ৰ আৰু ক্ৰীড়া গোটৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। উদ্যোগটোৰ বিশেষজ্ঞসকলৰ মতে, লাষ্ট ৱান ষ্টেণ্ডিঙৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিটনেছ ইভেণ্টে গুৱাহাটীৰ সম্প্ৰসাৰিত স্বাস্থ্য আৰু ফিটনেছ বজাৰত ব্ৰেণ্ড, প্ৰশিক্ষক আৰু ফিটনেছ উদ্যোগীসকলৰ বাবে নতুন সুযোগ সৃষ্টিৰ লগতে প্ৰতিযোগিতামূলক ফিটনেছৰ প্ৰতি আগ্ৰহ অধিক বৃদ্ধি কৰিব পাৰে।
জেৰাই ফিটনেছে জনোৱা অনুসৰি এই প্ৰতিযোগিতাত দৰ্শকক আকৰ্ষিত কৰা বিভিন্ন জ’ন, ভাগৰ পলাবলৈ জিৰণি চ’ৰা আৰু বিবিধ সামাজিক কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হ’ব, যিয়ে ফিটনেছ আৰু স্বাস্থ্যকৰ জীৱনশৈলীক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব।
