ৰাজ্যজুৰি অব্যাহত আছে মাৰাত্মক চোৱাইন ফ্লু ভাইৰাছৰ তীব্ৰ আতংক। অসমৰ ভিন্ন প্ৰান্তত এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ মাজতে এইবাৰ নলবাৰী জিলাত এই ব্যাধিৰ বলি হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এটি কণমানিয়ে। যোৱা ২৩ জুনৰ নিশা জিলাখনৰ পশ্চিম নলবাৰী অঞ্চলৰ গামাৰিমূৰী গাঁৱত চোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে মৃন্ময়জ্যোতি দাস (৬) নামৰ এটি শিশুৰ।
উল্লেখ্য যে, মৃত মৃন্ময়জ্যোতি দাস আছিল স্থানীয় সাহপুৰ নিবাসী সংগীতা দেৱী আৰু প্ৰয়াত অমল দাসৰ একমাত্ৰ পুত্ৰ। ইয়াৰ লগতে তেওঁ ৫৪৭ নং সাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ ‘ক’ শ্ৰেণীৰ ছাত্ৰ আছিল। পৰিয়াল আৰু চিকিৎসালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৃন্ময়জ্যোতিৰ জন্মৰ কেইমাহমান পিছৰে পৰা তেওঁ ছিজাৰ নামৰ ৰোগত আক্ৰান্ত হৈ আছিল।
শেহতীয়াকৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত এই ৰোগৰ বাবে চিকিৎসা চলি থকাৰ সময়তে শিশুটিৰ দেহত চোৱাইন ফ্লুৰ উপস্থিতি ধৰা পৰে। হাস্পতালখনত চিকিৎসাধীন অৱস্থাতে ২৩ জুনৰ নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাৰ পিছতে আজি সাহপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত এক শোকসভাৰ আয়োজন কৰা হয়। বিদ্যালয়খনৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে মিলিত হৈ শিশুটিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। এই মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এক গভীৰ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।
