নতুন পেকেজিঙৰ সৈতে স্পাৰ্ক মিণ্ডাই উন্নীত কৰিছে ফিল্টাৰ ৰেঞ্জ

536

নতুন পেকেজিঙৰ সৈতে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ গ্ৰাহকৰ প্ৰতিদিনে বৃদ্ধি পোৱা প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে স্পাৰ্ক মিণ্ডাই এয়াৰ এণ্ড অইল ফিল্টাৰৰ ৰেঞ্জ উন্নীত কৰিছে। নতুন পৰিসৰৰ ফিল্টাৰে উন্নত ফিল্টাৰেচন আৰু ইঞ্জিন সুৰক্ষা প্ৰদান কৰে, যাৰ ফলত বাহনৰ প্ৰদৰ্শন উন্নত হয়। অইল ফিল্টাৰসমূহ বৃহৎ পৰিমাণৰ ক্ৰয়ৰ বাবে আকৰ্ষণীয় আৰু বহনক্ষম ডাফল বেগত উপলব্ধ। স্পাৰ্ক মিণ্ডাৰ এয়াৰ এণ্ড অইল ফিল্টাৰৰ লক্ষ্য হৈছে ইঞ্জিনৰ দীৰ্ঘম্যাদীত্ব অনুকূল কৰা, পৰিষ্কাৰ, ফিল্টাৰ কৰা এয়াৰ/অইল প্ৰদান কৰা আৰু এক সেউজ ভৱিষ্যতৰ বাবে অৰিহণা যোগোৱা। অ’ইএম মানদণ্ডৰ ওপৰত ভিত্তি কৰি পুনৰ ডিজাইন কৰা এই ৰেঞ্জে ইঞ্জিনৰ জীৱনকাল সৰ্বাধিক কৰাৰ লগতে ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব আৰু অচিৰে বিএছ৬ ছিৰিজৰ ফিল্টাৰ মুকলি কৰিব।

এই পুনৰ ডিজাইন কৰা পেকেজিঙে স্পাৰ্ক মিণ্ডাৰ ব্যতিক্ৰমী ব্যৱহাৰকাৰী অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰে। ইয়াত পৰিবহণ আৰু সঞ্চয়ৰ সময়ত ক্ষতি ৰোধ কৰিবলৈ শক্তিশালী সামগ্ৰী আৰু সুৰক্ষামূলক বৈশিষ্ট্য ব্যৱহাৰ কৰা হয়, যাৰ জৰিয়তে অনুকূল অৱস্থা আৰু বৰ্ধিত জীৱনকাল নিশ্চিত কৰা হয়। নতুন পেকেজিং ক্ৰমান্বয়ে সকলো প্ৰডাক্ট লাইন আৰু বিতৰণ চেনেলতে কাৰ্যকৰী কৰা হ’ব, অনাগত মাহবোৰত শ্বেল্ফ আৰু আফটাৰমাৰ্কেট ৰিটেইল আউটলেটত আপডেট কৰা পেকেজিং উপলব্ধ হোৱাৰ আশা কৰা হৈছে।

এই বিষয়ে সদৰি কৰি আফটাৰমাৰ্কেট ডিভিজনৰ চিইঅ’ অৰুণ নাগপালে কয় যে, “এয়াৰ আৰু অইল ফিল্টাৰৰ স্পাৰ্ক মিণ্ডা ৰেঞ্জে ইঞ্জিনৰ দীৰ্ঘজীৱনক অনুকূলিত কৰি আৰু নিজৰ বাহনলৈ স্বচ্ছ আৰু ফিল্টাৰ কৰা এয়াৰ/অইল প্ৰদান কৰি বাহন চালনাৰ সুবিধা বৃদ্ধি কৰিবলৈ সাজু কৰি তোলা হৈছে।”