আভাৰ সংগ্ৰহত ২৫% ৰেহাইৰ সৈতে ১৬ বছৰ উদযাপন কৰিছে ৰিলায়েন্স জুৱেলছে

551

গহণা উদ্যোগত আস্থা আৰু উৎকৃষ্টতাৰ সমাৰ্থকৰ অন্যতম নাম ৰিলায়েন্স জুৱেলছে বহু প্ৰতীক্ষিত আভাৰ সংগ্ৰহ ২০২৩ মুকলি কৰি নিজৰ ১৬বছৰীয়া জয়ন্তী উদযাপন কৰি আনন্দিত হৈছে। এই বিশেষ বাৰ্ষিকী কালেকচনে ১৬ বছৰৰ উল্লেখযোগ্য সফলতাৰ প্ৰতি স্মৃতি ৰোমন্থন আৰু নিজৰ পৃষ্ঠপোষকসকলৰ হৃদয়ত ৰিলায়েন্স জুৱেলছৰ বাবে এক স্থান তৈয়াৰ কৰাই হৈছে এই প্ৰয়াসৰ মূল লক্ষ্য।

গহণা উদ্যোগৰ এক আগশাৰীৰ ব্ৰেণ্ড ৰিলায়েন্স জুৱেলছে নিজৰ মূল্যৱান গ্ৰাহকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বাবে আভাৰ কলেকচন আগবঢ়াইছে। এই সংগ্ৰহত সোণ আৰু হীৰাৰ সুন্দৰ কাণফুলি আছে, যিয়ে গ্ৰাহকৰ সৈতে কোম্পানীটোৰ ১৬ বছৰীয়া সুদৃঢ় সম্পৰ্কক প্ৰদৰ্শন কৰিছে। ৰিলায়েন্স জুৱেলছৰ লক্ষ্য হৈছে নিজৰ পৃষ্ঠপোষকসকলক আন্তৰিক কৃতজ্ঞতা আৰু “ধন্যবাদ” প্ৰকাশ কৰা। ১৬ বছৰীয়া জয়ন্তী উদযাপন আৰু আভাৰ সংগ্ৰহৰ শুভাৰম্ভণি অনুষ্ঠানত নিজৰ উচ্ছাস প্ৰকাশ কৰি ৰিলায়েন্স জুৱেলছৰ চিইঅ’ সুনীল নায়কে কয় যে, “এই সংগ্ৰহৰ জৰিয়তে আমি এক সহজ আন্তৰিক বাৰ্তা ১৬ বছৰ ধৰি ‘আমাৰ ৰিলায়েন্স জুৱেলছ পৰিয়ালৰ অংশ হোৱাৰ বাবে, ধন্যবাদ’ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছোঁ।”

আভাৰ কালেকচনে সোণ আৰু হীৰাৰ কাণফুলিৰ ডিজাইনবোৰ নূন্যতম আৰু অতিৰিক্ত ষ্টাইলত প্ৰদান কৰে, যি সকলো বয়সৰ মহিলাৰ বাবে উপযুক্ত। আভাৰ সংগ্ৰহ ২০২৩ অভিযানৰ এই ক্ষণত সোণ আৰু হীৰাৰ গহণাত ২৫% লৈকে ৰেহাই আগবঢ়াইছে ৰিলায়েন্স জুৱেলছে, যি শ্ব’ৰুম, শ্বপ-ইন-শ্বপ আৰু অনলাইন সকলোতে উপলব্ধ।