ক্ষমতাচ্যুত হৈ ভাৰতত আশ্ৰয় লোৱাৰ দুবছৰৰ পাছতো বাংলাদেশলৈ উভতাৰ সিদ্ধান্তত অটল হৈ আছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। গ্ৰেপ্তাৰ বা মৃত্যুদণ্ডৰ আশংকা থাকিলেও চলিত বৰ্ষৰ ডিচেম্বৰত বাংলাদেশলৈ উভতি গণতন্ত্ৰ আৰু ন্যায় পুনৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি বুধবাৰে স্পষ্ট ঘোষণা কৰে হাছিনাই।
২০২৪ চনৰ ৫ আগষ্টত ঢাকা এৰি ভাৰতলৈ অহাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সৈতে ভাৰ্চুৱেল মত-বিনিময়ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৭৮ বছৰীয়া নেত্ৰীগৰাকীয়ে।
শ্বেখ হাছিনাই কয়, “মই বাংলাদেশলৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছোঁ। মোক কাৰাগাৰলৈ পঠিয়াব পাৰে, আনকি হত্যা কৰিবও পাৰে। তথাপিও মই মোৰ দেশ আৰু জনগণৰ কাষলৈ উভতি যাম।”
ক্ষমতা লাভৰ উদ্দেশ্যে নহয়, বাংলাদেশক পুনৰ উন্নয়ন, ধৰ্মনিৰপেক্ষতা আৰু সমৃদ্ধিৰ পথলৈ ঘূৰাই নিয়াৰ লক্ষ্যৰেই স্বদেশলৈ উভতিব বিচৰা বুলিও উল্লেখ কৰে হাছিনাই।
বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিক উদ্বেগজনক বুলি অভিহিত কৰি শ্বেখ হাছিনাই কয়, “ভয় এতিয়া মানুহৰ ঘৰ, কৰ্মস্থলী আৰু শিক্ষানুষ্ঠানলৈকে সোমাই গৈছে। আমি গঢ়ি তোলা বাংলাদেশ এইখন নহয়। গণতন্ত্ৰ আৰু ন্যায়ৰ সংগ্ৰামত বাংলাদেশৰ জনগণৰ কাষত থিয় দিবলৈ মই আন্তঃৰাষ্ট্ৰীয় সমাজক আহ্বান জনাইছোঁ।”
২০২৪ চনৰ জুলাই-আগষ্ট মাহত সংঘটিত প্ৰতিবাদ শান্তিপূৰ্ণ ছাত্ৰ আন্দোলন নাছিল বুলিও দাবী কৰে হাছিনাই। সংগঠিত কিছুমান গোটে সেই আন্দোলনক হিংসাত্মক ৰাজনৈতিক অস্ত্ৰলৈ ৰূপান্তৰিত কৰিছিল বুলি অভিযোগ উত্থাপন কৰে তেওঁ।
হাছিনাই লগতে কয়, “মোক মোৰ দেশৰ পৰা আঁতৰাই দিয়া হৈছে, কিন্তু মোৰ জনগণৰ পৰা মোক কেতিয়াও পৃথক কৰিব নোৱাৰে।” ইফালে, ভাৰতক বাংলাদেশৰ দীৰ্ঘদিনীয়া বন্ধু বুলি অভিহিত কৰি হাছিনাই কয় যে ভাৰতে সদায় বাংলাদেশৰ কাষত থিয় দিছে।
উল্লেখ্য যে, ২০২৪ চনত ছাত্ৰ আন্দোলন দমনৰ সময়ত মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগত ঢাকাৰ এখন বিশেষ ন্যায়াধিকৰণে যোৱা নৱেম্বৰত অনুপস্থিতিতেই শ্বেখ হাছিনাক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। ইয়াৰ পিছৰে পৰা হাছিনাক আইনগত ব্যৱস্থাৰ সন্মুখীন কৰিবলৈ ভাৰতৰ ওচৰত প্ৰত্যৰ্পণৰ দাবী জনাই আহিছে বাংলাদেশে।
ইফালে, শ্বেখ হাছিনাৰ পুত্ৰ ছজীব ৱাজেদ জয়ে অভিযোগ কৰে যে ২০২৪ চনৰ আগষ্ট মাহৰ পাছৰে পৰা বাংলাদেশত ৰাজনৈতিক হত্যাকাণ্ডক বৈধতা দিয়া হৈছে। বাংলাদেশ এতিয়া আইন-শৃংখলাহীন এক ব্যৰ্থ ৰাষ্ট্ৰলৈ পৰিণত হৈছে বুলি দাবী কৰাৰ লগতে ভাৰতৰ পূব সীমান্তত বাংলাদেশ আন এক পাকিস্তানলৈ ৰূপান্তৰিত হৈছে বুলিও মন্তব্য কৰে জয়ে।
