অসমীয়া গীতি সাহিত্য আৰু সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিক সন্মানিত কৰিবলৈ সাজু হৈছে অসম সাহিত্য সভা। গীতৰত্ন নগেন বৰা স্মাৰক সন্মান ২০২৬ৰ বাবে নিৰ্বাচিত হৈছে বৰ্ষীয়ান গীতিকাৰ সন্ধ্যা দেৱী, বিশিষ্ট শিল্পী-গীতিকাৰ-সুৰকাৰ-নিৰ্দেশক জয়ন্ত নাথ আৰু সাংবাদিক-গীতিকাৰ জেতৱন বৰুৱা।
অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই জানিবলৈ দিয়া মতে, অসমীয়া গীতি সাহিত্যলৈ অনন্য অৱদান আগবঢ়োৱা বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সাংবাদিক তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন বৰাৰ স্মৃতিত এই সন্মান প্ৰদান কৰা হ’ব।
অহা ১১ জুনত যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাগৃহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত সন্মানসমূহ প্ৰদান কৰা হ’ব। সাংস্কৃতিক মহাসভা অসমৰ দ্বাৰা গীতৰত্ন উপাধিৰে সন্মানিত নগেন বৰাৰ মৃত্যু দিৱস উপলক্ষে যোৰহাট জিলা সাহিত্য সভাৰ সহযোগত আয়োজিত স্মৃতি দিৱস অনুষ্ঠানতে এই সন্মান প্ৰদান কৰা হ’ব বুলি সাহিত্য সভাই জানিবলৈ দিয়ে।
অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে সন্মান প্ৰদান কৰিব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেশ্যনৰ সচিব ৰঞ্জন কুমাৰ দত্ত।
উল্লেখ্য যে একে অনুষ্ঠানতে ড০ জ্যোতিৰেখা হাজৰিকাৰ সংকলন আৰু সম্পাদনাত অসম সাহিত্য সভাই প্ৰকাশ কৰা ‘নগেন বৰাৰ নিৰ্বাচিত গীত’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হ’ব। আনহাতে বিশিষ্ট সুৰকাৰ আৰু কণ্ঠশিল্পী প্ৰসেনজিত লাহনে সুৰ কৰা নগেন বৰাৰ ‘সৰাফুল’ শীৰ্ষক গীতটোৰ বাণীবদ্ধ ৰূপো মুকলি কৰা হ’ব।
