অসুস্থতাৰ বাবে ছুটি বিচাৰি বাৰে বাৰে অনুনয়-বিনয় কৰাৰ পাছতো অনুমতি নিদিলে কৰ্তৃপক্ষই। যাৰ পৰিণতিত অফিচৰ শৌচাগাৰতে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলা কৰ্মচাৰীয়ে। এই অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাত।
মৃত যুৱতীগৰাকী হৈছে ২৯ বছৰীয়া গচিনা ঢোৱাল্লা। জোহান্সবাৰ্গৰ ৰ’জবেংকস্থিত কাৰট্ৰেক নামৰ এটা সংস্থাৰ কল চেণ্টাৰত কৰ্মৰত আছিল তেওঁ।
প্ৰতিবেদন অনুসৰি, মৃত্যুৰ পূৰ্বে কেইবাদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল গচিনা। অত্যধিক ক্লান্তি আৰু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ একাধিকবাৰ অসুস্থতাৰ ছুটিৰ আবেদন জনাইছিল। কিন্তু সেই আবেদন নাকচ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ সদস্য আৰু সহকৰ্মীসকলে।
এগৰাকী সহকৰ্মীয়ে অভিযোগ কৰে যে সংস্থাটোৰ আচৰণে এই মৃত্যুৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁৰ মতে, মৃত্যুৰ আগদিনাও গচিনাই কান্দি কান্দি সহকৰ্মীসকলক কৈছিল যে তেওঁ অসুস্থ, কিন্তু সেই অৱস্থাতো তেওঁক কৰ্মসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।
সহকৰ্মীগৰাকীৰ ভাষ্য অনুসৰি, মৃত্যুৰ পূৰ্বে গচিনাক অফিচৰ টীম হেডে কাৰ্যালয়লৈ মাতি নিছিল। আলোচনাৰ সময়ত তেওঁক চকুপানী টুকি থকা দেখা গৈছিল বুলিও দাবী কৰে সহকৰ্মগৰাকীয়ে।
গচিনাৰ আত্মীয় নোমুছাই অভিযোগ কৰা অনুসৰি, যুৱতীগৰাকীয়ে স্বাস্থ্যজনিত কাৰণ দেখুৱাই দুবাৰকৈ অসুস্থতাৰ ছুটিৰ আবেদন কৰিছিল। কিন্তু তেওঁৰ শাৰীৰিক অসুস্থতা প্ৰত্যক্ষ কৰিও সেয়া আওকান কৰি বলপূৰ্বকভাৱে তেওঁক কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল।
ইফালে ঘটনাৰ দিনা কাৰ্যালয়লৈ আহি যুৱতীগৰাকীয়ে অসুস্থতাৰ বাবে শৌচাগাৰত প্ৰৱেশ কৰে। কিন্তু বহু সময় তেওঁ ওলাই নহাত সহকৰ্মীসকলে দুৱাৰ ভাগি ভিতৰত সোমাই গচিনাক অচেতন অৱস্থাত প্ৰত্যক্ষ কৰে। ইয়াৰ পাছতে তেওঁৰ পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে উপস্থিত হৈ যুৱতীগৰাকীক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে গচিনাক।
লক্ষ্যণীয়ভাৱে, যুৱতীগৰাকী অচেতন অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতো অফিচ কৰ্তৃপক্ষই তেওঁক হাস্পতাললৈ নিয়াৰ পৰিৱৰ্তে হাস্পতালৰ বিল কোনে পৰিশোধ কৰিব সেই লৈহে আলোচনা কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
