বনৰ গভীৰতাত পুনৰ ধৰা পৰিল এক দুৰ্লভ অতিথিৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানত কেমেৰাত ধৰা পৰা এটা ক’লা নাহৰফুটুকীৰ দৃশ্যই প্ৰকৃতিপ্ৰেমী আৰু বন্যপ্ৰাণী অনুৰাগীৰ মাজত ব্যাপক সঁহাৰি সৃষ্টি কৰিছে।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে শনিবাৰে সামাজিক মাধ্যমত এই দৃশ্য প্ৰকাশ কৰে। গাঢ় ক’লা ৰঙৰ শৰীৰেৰে নিঃশব্দে অৰণ্যৰ মাজেৰে খোজ কঢ়া এই মেলানিষ্টিক নাহৰফুটুকীটোক অতি দুৰ্লভ বুলি গণ্য কৰা হয়।
সামাজিক মাধ্যমত দিয়া পোষ্টত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মানাহক ভাৰতৰ অন্যতম অসাধাৰণ অৰণ্য বুলি উল্লেখ কৰে। লগতে এই দুৰ্লভ দৃশ্যই মানাহৰ বন্যপ্ৰাণীৰ সমৃদ্ধি পুনৰ এবাৰ প্ৰতিফলিত কৰিছে বুলিও কয়।
বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত সংগঠন আৰু প্ৰকৃতিপ্ৰেমীসকলে এই দৃশ্যক অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰিছে। এনে দুৰ্লভ দৃশ্যই প্ৰাকৃতিক বাসস্থান সংৰক্ষণৰ প্ৰয়োজনীয়তাক অধিক শক্তিশালীভাৱে সোঁৱৰাই দিয়ে বুলিও তেওঁলোকে মন্তব্য কৰিছে।
অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সংৰক্ষিত অৰণ্য হিচাপে পৰিচিত মানাহ ৰাষ্ট্ৰীয় উদ্যান বহু বিপন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাসস্থান। দেশ-বিদেশৰ প্ৰকৃতিপ্ৰেমী আৰু পৰ্যটকৰ বাবেও উদ্যানখন এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।
কৰ্তৃপক্ষই জনোৱা মতে, এই দৃশ্য ৰাজ্যখনৰ সমৃদ্ধ প্ৰাকৃতিক ঐশ্বৰ্যৰ এক উজ্জ্বল নিদৰ্শন। বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰিৱেশ-ভিত্তিক পৰ্যটনক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো মানাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
