এগৰাকী নাবালিকাৰ ওপৰত পুনৰ সংঘটিত হ’ল যৌন নিৰ্যাতনৰ জঘন্য ঘটনা। ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বৰঝান গাঁৱৰ বাসিন্দা হাছিমুল।
আৰক্ষী আৰু স্থানীয় সূত্ৰই জনোৱা মতে, ঘটনাটো সংঘটিত হয় যেতিয়া নাবালিকাগৰাকী ঘৰত অকলশৰে আছিল। ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাত ছাত্ৰীগৰাকীৰ মাতৃ ছাগলী বান্ধিবলৈ ওলাই গৈ ওচৰৰ এখন ঘৰত আশ্ৰয় লৈছিল।
সেই সুযোগতে অভিযুক্তই ঘৰত প্ৰৱেশ কৰি নাবালিকাগৰাকীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। কিছু সময় পিছতে মাতৃ ঘৰলৈ উভতি অহাৰ খবৰ পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তজন।
পলায়নৰ সময়ত নিজৰ মোবাইল ফোনটো ঘটনাস্থলীতে এৰি থৈ যায় অভিযুক্তই। তদন্তৰ বাবে সেই মোবাইল ফোনটোক গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে জব্দ কৰিছে আৰক্ষীয়ে।
ঘটনাৰ বিষয়ে অভিযুক্তৰ পৰিয়ালক অৱগত কৰিবলৈ যোৱাৰ সময়ত নতুনকৈ উত্তেজনাৰ সৃষ্টি হয়। নাবালিকাগৰাকীক অভিযুক্তৰ পৰিয়ালৰ সদস্যই শাৰীৰিকভাৱে আক্ৰমণ কৰা বুলিও অভিযোগ কৰিছে ভুক্তভোগীৰ পৰিয়ালে।
ইয়াৰ পিছতে তামাৰহাট থানাত এজাহাৰ দাখিল কৰে নাবালিকাগৰাকীৰ পৰিয়ালে। অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে হাছিমুলক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰৰ পিছত অভিযুক্তজনক আদালতত হাজিৰ কৰোৱা হয়। আদালতে অভিযুক্তজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
