Players of Argentina celebrate after the World Cup round of 32 soccer match against Cape Verde in Miami Gardens, Fla., Friday, July 3, 2026. (AP Photo/Rebecca Blackwell)
ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই এক অত্যন্ত ৰোমাঞ্চকৰ আৰু তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ খেলত কেপ ভাৰ্ডেক ৩-২ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ৰাউণ্ড অব ১৬ত নিজৰ স্থান সুৰক্ষিত কৰিছে। প্ৰথমবাৰৰ বাবে বিশ্বকাপ খেলা আফ্ৰিকান দেশ কেপ ভাৰ্ডেৰ দুৰ্দান্ত প্ৰদৰ্শনে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক অতিৰিক্ত সময়লৈকে সংগ্ৰাম কৰিবলৈ বাধ্য কৰে। খেলৰ ২৯ নম্বৰ মিনিটত লিয়নেল মেছিয়ে এটা সুন্দৰ গ’ল দি আৰ্জেণ্টিনাক ১-০ ত আগবঢ়াই দিয়ে। এইটো চলিত প্ৰতিযোগিতাত মেছিৰ সপ্তমটো গ’ল আছিল।
মেচখনত পিছ পৰি থকাৰ পিছতো হাৰ নমনা কেপ ভাৰ্ডেৰ ডীৰয় দুৱাৰ্টেই খেলৰ ৬০ নম্বৰ মিনিটত গ’ল শোধাই খেলখন ১-১ সমতালৈ আনে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত ড্ৰ হোৱাৰ পিছত খেল অতিৰিক্ত সময়লৈ গতি কৰে। অতিৰিক্ত সময়ৰ আৰম্ভণিতে লিজাদ্ৰো মাৰ্টিনেজে গ’ল কৰি আৰ্জেণ্টিনাক ২-১ ত আগবঢ়াই দিয়ে যদিও কেপ ভাৰ্ডেৰ চিডনী লোপেছে ১০৩ মিনিটত আকৌ এটা সুন্দৰ গ’ল দি খেলখন ২-২ সমতালৈ আনে। অতিৰিক্ত সময়ৰ দ্বিতীয়াৰ্ধত মেছিৰ এটা কৰ্নাৰ শ্বট ৰক্ষা কৰিবলৈ যাওঁতে কেপ ভাৰ্ডেৰ ডিফেণ্ডাৰ ডিনে বৰ্গছৰ গাত লাগি এটা আত্মঘাতী গ’ল হয় আৰু সেইটোৰে আৰ্জেণ্টিনাই ৩-২ ত জয়লাভ কৰে।
এই কঠিন বিজয়ৰ পিছত তিনিবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই অহা মঙলবাৰে আটলাণ্টাত অনুষ্ঠিত হ’বলগীয়া ৰাউণ্ড অব ১৬ ৰ গুৰুত্বপূৰ্ণ মেচত ইজিপ্তৰ মুখামুখি হ’ব। বিশ্ব ৰেংকিংত ৬৭ নম্বৰ স্থানত থকা আৰু প্ৰথমবাৰৰ বাবে বিশ্বকাপত অংশ লোৱা ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰ কেপ ভাৰ্ডেৰ খেলুৱৈসকলে পৰাজিত হ’লেও তেওঁলোকৰ সাহসী খেলৰ বাবে সমগ্ৰ ফুটবল বিশ্বৰ মন জয় কৰিবলৈ সক্ষম হৈছে।
