প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্যৰ ফলত নামি অহা আইনী মেৰপাকৰ পৰা এইবাৰো ৰেহাই নাপালে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে ২০১৯ চনত জাৰি কৰা এখন আদালতৰ চমন খাৰিজ কৰিবলৈ অস্বীকাৰ কৰে ব’ম্বে উচ্চ ন্যায়ালয়ে। মেজিষ্ট্ৰেট আদালতৰ নিৰ্দেশনাত কোনো ধৰণৰ আইনবিৰোধী দিশ দেখা পোৱা নাই বুলি স্পষ্ট কৰি দি কংগ্ৰেছ নেতাগৰাকীৰ আবেদন খাৰিজ কৰে ন্যায়াধীশ এন আৰ বৰকাৰৰ একক বিচাৰপীঠে।
উল্লেখ্য যে, ৰাফাল যুদ্ধবিমান চুক্তিৰ প্ৰসংগত ২০১৮ চনত ৰাজস্থানৰ এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীক ‘কমাণ্ডাৰ-ইন-থিফ’ বুলি কটাক্ষ কৰিছিল ৰাহুল গান্ধীয়ে। এই মন্তব্যৰ পিছতেই বিজেপি সদস্য এম এইচ শ্ৰীশ্ৰিমালে গিৰগাঁও মেজিষ্ট্ৰেট আদালতত কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে এক মানহানিৰ গোচৰ ৰুজু কৰে। মেজিষ্ট্ৰেট আদালতে ২০১৯ চনৰ ২৮ আগষ্টত চমন জাৰি কৰাৰ পিছত উক্ত নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল গান্ধী।
শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাই গোচৰটোক ভিত্তিহীন আখ্যা দি অভিযোগকাৰী ব্যক্তিগৰাকীৰ গোচৰ তৰাৰ আইনী অধিকাৰ নাই বুলি যুক্তি দৰ্শায়। আনহাতে, অভিযোগকাৰীয়ে দাবী কৰে যে ৰাহুল গান্ধীৰ এই মন্তব্যই কেৱল প্ৰধানমন্ত্ৰীকেই নহয়, বিজেপিৰ প্ৰতিগৰাকী সদস্য তথা প্ৰধানমন্ত্ৰীৰ সৈতে জড়িত দেশবাসীকো চোৰ হিচাপে প্ৰতিপন্ন কৰিছে।
উচ্চ ন্যায়ালয়ে অৱশ্যে আবেদন খাৰিজ কৰিলেও ৰাহুল গান্ধীক শীৰ্ষ আদালতৰ কাষ চপাৰ সুবিধা প্ৰদান কৰিছে। গোচৰটোৰ শুনানি পৰৱৰ্তী ছসপ্তাহৰ বাবে স্থগিত ৰাখিবলৈ মেজিষ্ট্ৰেট আদালতক নিৰ্দেশ দিয়ে বিচাৰপীঠে, যাৰ ফলত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ বাবে অতিৰিক্ত সময় লাভ কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে।
