শেহতীয়া প্ৰলয়ংকাৰী বান আৰু লোকপিয়লৰ কাম-কাজৰ ফলত গভীৰভাৱে ব্যাহত হৈছে ৰাজ্যৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচীত সালসলনি ঘটোৱাৰ দিশে অগ্ৰসৰ হৈছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদ। ইয়াৰ অংশ হিচাপে দুয়োটা শ্ৰেণীৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ বাবে নিয়মীয়া পাঠদানৰ সময় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে সংসদে।
শিক্ষা সংসদে জাৰি কৰা এক জাননী অনুসৰি, দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান ২০২৭ বৰ্ষৰ ২২ ফেব্ৰুৱাৰীলৈকে চলাই নিয়াৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, দ্বাদশ শ্ৰেণীৰ শ্ৰেণীকোঠাৰ পাঠদান ২০২৭ বৰ্ষৰ ৮ মাৰ্চলৈকে অব্যাহত ৰাখিব লাগিব বুলি স্পষ্ট নিৰ্দেশনা দিয়ে বিভাগীয় কৰ্তৃপক্ষই।
উল্লেখ্য যে, ৰাজ্যৰ কেইবাখনো জিলাত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ লগতে বৰ্তমান অব্যাহত থকা লোকপিয়লৰ কাম-কাজৰ বাবে পূৰ্বনিৰ্ধাৰিত সময়ত পাঠ্যক্ৰম শেষ কৰাটো অসম্ভৱ হৈ পৰিছে। সাধাৰণতে দশম শ্ৰেণীৰ পাঠ্যক্ৰম ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত সমাপ্ত কৰাৰ নিয়ম আছিল যদিও এইবাৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক ক্ষতি ৰোধ কৰিবলৈ এই অতিৰিক্ত সময় দিয়া হৈছে।
ইপিনে, পাঠদানৰ এই নতুন সময়সীমাৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন নিৰ্ধাৰণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে বিদ্যালয় শিক্ষা সংসদে।
