প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ শেহতীয়াকৈ সৃষ্টি হৈছেএক নতুন বিতৰ্কৰ। ছিংগাপুৰৰ কৰোনাৰ আদালতে এই মৃত্যুক এক দুৰ্ঘটনা বুলি ৰায়দান কৰাৰ পিছতে বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ তদন্তক তীব্ৰভাৱে সমৰ্থন কৰে। গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে এই ঘটনাৰ মূল ষড়যন্ত্ৰ অসমতে ৰচনা কৰা হৈছিল, সেয়েহে ইয়াৰ তদন্তও ইয়াতেই হোৱাটো উচিত আছিল।
তদন্তৰ দিশ সলনি কৰিবলৈ চলোৱা চেষ্টাৰ অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মাই কয়, “যিসকলে আমাক ছিংগাপুৰলৈ যাবলৈ কৈছিল, তেওঁলোকে আচলতে তদন্তটোক বিপথে পৰিচালিত কৰিব বিচাৰিছিল। যদি আমি ছিংগাপুৰলৈ গ’লোহেঁতেন, তেন্তে আজি সকলো অভিযুক্তই মুক্তি পালেহেঁতেন।”
মুখ্যমন্ত্ৰীৰ মতে, অসম আৰক্ষীয়ে অত্যন্ত নিখুঁতভাৱে এই সমগ্ৰ তদন্ত চলাইছে আৰু সেইবাবেই এতিয়ালৈকে কোনো এজন অভিযুক্তই জামিন লাভ কৰিব পৰা নাই। ছিংগাপুৰৰ আৰক্ষীতকৈ অসম আৰক্ষীয়ে অধিক ভাল কাম কৰিছে বুলিও তেওঁ দাবী কৰে।
বিজেপি চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায় প্ৰদান কৰিবলৈ দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ চেষ্টা কৰিছে আৰু আমি ইয়াত সফল হম। ভগৱানে আমাক আন এক ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে।”
অসম আৰক্ষীৰ তদন্তত কোনো খুঁত থকা হ’লে প্ৰথম দিনাই ন্যায়াধীশে গোচৰটো খাৰিজ কৰিলেহেঁতেন বুলি মন্তব্য কৰি তেওঁ তদন্তৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে। নিৰ্বাচনৰ আগে আগে জুবিন গাৰ্গৰ মৃত্যুক লৈ চলি থকা এই ৰাজনৈতিক তৰ্কই এতিয়া ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে।
