ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(বিপিচিল)-এ ভাৰতৰ নিৰ্মল শক্তিৰ ক্ষেত্ৰখনত এক বৃহৎ খোজ থ’বলৈ সক্ষম হৈছে, যৌথ উদ্যোগ ৰূপে নিউইএন গ্ৰীন এনাৰ্জী প্ৰাইভেট লিমিটেডে নুমলীগড় শোধনাগাৰ লিমিটেডক বছৰি ১০ হাজাৰ টন (১০ কেটিপিএ) গ্ৰীন হাইড্ৰ’জেন যোগান ধৰাৰ চুক্তি লাভ কৰিছে।
বিপিচিএল আৰু চেম্বকৰ্প গ্ৰীন হাইড্ৰজেন ইণ্ডিয়াৰ মাজত ৫০:৫০ যৌথ উদ্যোগ নিউইএনে দীৰ্ঘম্যাদী অফটেক চুক্তিৰে এনআৰএলত গ্ৰীন হাইড্ৰজেন উৎপাদনৰ সুবিধা গঢ়ি তুলিব। ২০২৮ এই প্ৰকল্পৰ বাণিজ্যিক কাৰ্য-কলাপ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াত নবীকৰণযোগ্য শক্তিক উন্নত সংৰক্ষণ ব্যৱস্থাৰ সৈতে একত্ৰিত কৰি ২৪ ঘণ্টাই কাৰ্য-কলাপ নিশ্চিত কৰা হ’ব। বিপিচিএলে এতিয়ালৈকে প্ৰদান কৰা আটাইতকৈ প্ৰতিযোগিতামূলক শুল্ক হিচাপে অভিহিত কৰি এই চুক্তি প্ৰদান কৰিছে, যিয়ে সেউজ হাইড্ৰজেনৰ মূল্য নিৰ্ধাৰণৰ বাবে এক নতুন মাপকাঠী নিৰ্ধাৰণ কৰে আৰু ভাৰতত বৰ্ধিত বাণিজ্যিক কাৰ্য-ক্ষমতাৰ সংকেত প্ৰদান কৰে।
বিপিচিএল-ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জয় খান্নাই এই বিষয়ে কয় যে, এই প্ৰকল্পটোৱে প্ৰতিষ্ঠানটোৰ নিৰ্মল শক্তি পৰ্টফলিঅ’ক শক্তিশালী কৰে আৰু নিম্ন-কাৰ্বন শক্তি সমাধানৰ এক প্ৰধান যোগানদাতা হোৱাৰ লক্ষ্যক আগুৱাই নিছে। চেম্বকৰ্পৰ বিপুল তুলীয়ে এই প্ৰকল্পটোক গঠনমূলক দীৰ্ঘম্যাদী চুক্তিৰ জৰিয়তে ভাৰতৰ ডিকাৰ্বনাইজেচন লক্ষ্যক সমৰ্থন কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।
