জেনেভাত অনুষ্ঠিত হ’বলগা আমেৰিকা-ইৰানৰ গুৰুত্বপূৰ্ণ শান্তি আলোচনা অনিৰ্দিষ্টকালৰ বাবে স্থগিত কৰা হৈছে। দুয়োখন দেশৰ মাজত চলি থকা কূটনৈতিক প্ৰচেষ্টাৰ মাজতে লেবাননত পুনৰ সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিয়ে এই আলোচনাক অনিশ্চয়তাৰ মুখলৈ ঠেলি দিছে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্সেও সুইজাৰলেণ্ড ভ্ৰমণ বাতিল কৰিছে।
ইফালে লেবাননৰ দক্ষিণাঞ্চলত ইজৰাইলী আক্ৰমণত কমেও ১৮ জন লোকৰ মৃত্যু হোৱা বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰিছে। এই ঘটনাৰ পিছতেই ইৰানৰ ফালৰ পৰা শান্তি আলোচনাত অংশগ্ৰহণক লৈ সংশয় প্ৰকাশ কৰা হয়।
বিশ্লেষকসকলৰ মতে, লেবাননত ইজৰাইলৰ সামৰিক অভিযান অব্যাহত থকাৰ ফলতেই আমেৰিকা-ইৰান শান্তি প্ৰচেষ্টাৰ ওপৰত ডাঙৰ ভাবুকি সৃষ্টি হৈছে। ইজৰাইল চৰকাৰে লেবাননৰ পৰা সেনা প্ৰত্যাহাৰ নকৰাৰ স্থিতি পুনৰ দোহাৰিছে, যাৰ ফলত মধ্যপ্ৰাচ্যত উত্তেজনা অধিক বৃদ্ধি পোৱাৰ আশংকা দেখা দিছে।
আমেৰিকা আৰু ইৰানৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ আধাৰত আঞ্চলিক শান্তি স্থাপনৰ চেষ্টা চলি থাকিলেও, লেবানন-ইজৰাইল সংঘাতৰ অব্যাহত অৱস্থাই সেই প্ৰচেষ্টাক কঠিন কৰি তুলিছে।
