বানৰ পিছত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য প্ৰদানৰ কাম অধিক ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনসমূহৰ সৈতে উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে অসমৰ মুখ্য সচিব ৰবি কোটাই। বৃহস্পতিবাৰে যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰশাসনৰ সৈতে ভিডিঅ’যোগে অনুষ্ঠিত বৈঠকত বান সাহায্য, পুনৰ সংস্থাপন আৰু জীৱিকা পুনৰুদ্ধাৰৰ কামৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়।
জিলা পৰামৰ্শদাতা সমিতিৰ বৈঠকখনত চাৰিখন জিলাৰ উপায়ুক্তৰ লগতে বেংক, বীমা কোম্পানী আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। বানত হোৱা ক্ষয়-ক্ষতিৰ জৰীপ, আৰ্থিক সাহায্য প্ৰদান আৰু বীমাৰ দাবী নিষ্পত্তিৰ ক্ষেত্ৰত বিভাগসমূহৰ মাজত সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
মুখ্য সচিবগৰাকীয়ে বানাক্ৰান্ত লোকসকলৰ কাষত সময়মতে সাহায্য পঠিয়াবলৈ সকলো সংস্থাৰ মাজত সমন্বিত ব্যৱস্থা গঢ়ি তোলাৰ নিৰ্দেশ দিয়ে। দৈনিকভাৱে কাম-কাজ পৰ্যবেক্ষণ কৰাৰ লগতে ক্ষয়-ক্ষতিৰ সঠিক মূল্যায়ন কৰি ক্ষিপ্ৰতাৰে সাহায্য প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৰবি কোটাই।
বৈঠকত কৃষি, পশুপালন, মীনপালন, বাসগৃহ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসহ সংশ্লিষ্ট খণ্ডসমূহৰ ক্ষয়-ক্ষতি নিৰূপণৰ বিষয়ে বিতং আলোচনা কৰা হয়। ১৪ আগষ্টৰ ভিতৰত ক্ষেত্ৰভিত্তিক পৰীক্ষণসহ প্ৰযুক্তিনিৰ্ভৰ আৰু প্ৰামাণিক ক্ষয়-ক্ষতিৰ জৰীপ সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হয়। সংশ্লিষ্ট সমিতিসমূহৰ সন্মুখত খণ্ডভিত্তিক প্ৰতিবেদন ১৮ আগষ্টৰ ভিতৰত দাখিল কৰাৰ বাবেও সময়সীমা নিৰ্ধাৰণ কৰা হৈছে।
সাহায্য প্ৰদানৰ কাম অধিক সুশৃংখল কৰিবলৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বাবে পৃথকে বীমা বিষয়াও নিযুক্ত কৰা হৈছে। কামৰ অগ্ৰগতি পৰ্যবেক্ষণ আৰু জটিলতা দূৰ কৰিবলৈ জিলা পৰ্যায়ত বিশেষ পৰ্যালোচনা ব্যৱস্থাও গঢ়ি তোলা হৈছে।
বানত বহু পৰিয়ালৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ নষ্ট হোৱাৰ বিষয়টোও বৈঠকত উত্থাপন হয়। এনে পৰিয়ালৰ বাবে নথি-পত্ৰৰ প্ৰয়োজনীয়তা সৰল কৰাৰ লগতে মূল নথি নষ্ট বা হেৰাই যোৱা ক্ষেত্ৰত বিকল্প পৰীক্ষণ পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্য সচিবগৰাকীয়ে।
আনহাতে, বানাক্ৰান্ত ঋণগ্ৰহণকাৰীসকলৰ সৈতে বেংকসমূহে নিজে যোগাযোগ কৰি পৰৱৰ্তী দুসপ্তাহত সকাহমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। ইয়াৰ ভিতৰত ঋণ পৰিশোধত সাময়িক স্থগিতাদেশ, ঋণ পুনৰ্গঠন, নতুন ঋণৰ সুবিধা আৰু পৰিয়ালৰ তাৎক্ষণিক প্ৰয়োজন পূৰণৰ বাবে ব্যৱহাৰযোগ্য ঋণ অন্তৰ্ভুক্ত আছে।
বীমা কোম্পানীসমূহকো বানাক্ৰান্ত লোকসকলৰ দাবী নিষ্পত্তি ক্ষিপ্ৰ কৰিবলৈ বিশেষ সহায়-যোগাযোগ ব্যৱস্থা সক্ৰিয় কৰাৰ নিৰ্দেশ দিয়া হৈছে। জিলা প্ৰশাসন আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সমন্বয়ৰ জৰিয়তে বীমাৰ দাবীসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
ৰাজ্য চৰকাৰে প্ৰকাশ কৰা মতে, বানাক্ৰান্ত পৰিয়ালসমূহে যাতে মৰ্যাদাৰে জীৱন আৰু জীৱিকা পুনৰ গঢ়ি তুলিব পাৰে, তাৰ বাবে সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম দক্ষতা, দায়বদ্ধতা আৰু মানৱীয় দৃষ্টিভংগীৰে আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীৰ ওচৰলৈ যাতে সময়মতে সাহায্য পায়, সেয়াও নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিছে চৰকাৰে।
