পহলগামত সংঘটিত জঘন্য ঘটনাৰ বুধবাৰে এটা বছৰ সম্পূৰ্ণ হ’ল ৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদীৰ সেই জঘন্য ঘটনাত নিহত লোকসকল শ্ৰদ্ধাৰে স্মৰণ কৰে ৷জন্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হোৱা লোকসকলক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স (X)ত কয়,”পহলগামত আজিৰ দিনটোতে নিৰপৰাধী লোকক নৃশংসভাবে সন্ত্ৰাবাদীয়ে হত্যা কৰিছিল আৰু নিহতসকলৰ প্ৰতি শ্ৰদ্ধাৰে স্মৰণ কৰিছো ৷ সেই ঘটনা কেতিয়াও পাহৰি যাব নোৱাৰি ৷”
