ৰাজ্যত স্বাভাৱিক অৱস্থালৈ আহিছে বান পৰিস্থিতি। বাৰিষাৰ প্ৰথমটো বানে কেইবাখনো জিলাত তাণ্ডৱ সৃষ্টি কৰাৰ পিছত এতিয়া বহুলাংশে কমিছে ইয়াৰ প্ৰভাৱ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা মতে, ৰাজ্যখনত এতিয়া ৬,৬৭৮ জন লোকহে বানৰ কবলত আছে। ধেমাজিয়েই একমাত্ৰ বানাক্ৰান্ত জিলা হিচাপে আছে।
প্ৰভাৱিত লোকসকলৰ ভিতৰত ২,৪৯৫ জন পুৰুষ, ২,৩৯৯ জন মহিলা আৰু ১,৭৮৪ জন শিশু আছে। এদিন পূৰ্বে ধেমাজি আৰু ডিব্ৰুগড় জিলাত মুঠ ২৫,১০০ জন লোক বানৰ ফলত প্ৰভাৱিত হৈছিল।
ধেমাজিত স্থাপন কৰা তিনিটা সাহায্য শিবিৰত বৰ্তমান ১২৯ জন লোকে আশ্ৰয় লৈ আছে। চলিত বানত ৪,৭৬৫টা পশুধনো প্ৰভাৱিত হৈছে।
শুকুৰবাৰে নতুনকৈ কোনো লোকৰ মৃত্যু বা নিৰুদ্দেশ হোৱাৰ ঘটনা পঞ্জীয়ন হোৱা নাই বুলি জনাইছে প্ৰাধিকৰণে। চলিত বৰ্ষত ৰাজ্যখনত বানৰ ফলত মৃত্যুৰ সংখ্যা দুজনতে স্থিৰ হৈ আছে।
প্ৰাধিকৰণৰ তথ্য অনুসৰি, ধেমাজিত এটা পথ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ বাহিৰে নতুনকৈ আন কোনো বৃহৎ আন্তঃগাঁথনিগত ক্ষয়ক্ষতিৰ তথ্য পোৱা হোৱা নাই।
