বক্সিঙৰ ৰিঙত দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ পিছত এইবাৰ মহিলাৰ সুৰক্ষা আৰু সজাগতাৰ হকে ৰাজপথলৈ ওলাই আহিল অসম কন্যা লাভলীনা বৰগোঁহাই। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাজৌৰী গাৰ্ডেন অঞ্চলত মহিলা আৰক্ষী কৰ্মীসকলৰ সৈতে এক বিশেষ সান্ধ্যকালীন পদযাত্ৰা তথা টহলত অংশ লয় অলিম্পিক পদক বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে।
মহিলাসকলৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰা আৰু জনসাধাৰণক মহিলা নিৰাপত্তাৰ প্ৰতি সজাগ কৰি তোলাৰ উদ্দেশ্যেই দিল্লী আৰক্ষীয়ে হাতত লৈছিল এই অভিনৱ পদক্ষেপ। টহলৰ সময়ছোৱাত লাভলীনাই মহিলা আৰক্ষীৰ দলটোৰ সৈতে মিলি বজাৰ এলেকাৰ ব্যৱসায়ী, স্থানীয় বাসিন্দা তথা সাধাৰণ মহিলাসকলৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰে। ৰাজহুৱা স্থানসমূহত মহিলাৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে আৰক্ষীৰ এনে প্ৰচেষ্টাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি লাভলীনাই সকলোকে নিৰ্ভয়ে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
ক্ৰীড়া ক্ষেত্ৰৰ সফলতাই সমাজৰ প্ৰতি থকা দায়িত্ববোধক অধিক বৃদ্ধি কৰে বুলি উল্লেখ কৰি তাৰকা বক্সাৰগৰাকীয়ে কয় যে ৰাজহুৱা স্থানসমূহ নাৰীৰ বাবে সম্পূৰ্ণ সুৰক্ষিত হৈ উঠাটো অত্যন্ত জৰুৰী। ৰিঙৰ ভিতৰত প্ৰতিদ্বন্দ্বীক পৰাভূত কৰা অসমৰ এই ‘সোণালী কন্যা’গৰাকীয়ে আৰক্ষীৰ সৈতে হাতে হাত ধৰি ৰাজপথত চলোৱা এই টহলে ৰাজধানী চহৰখনত নাৰী নিৰাপত্তাৰ দিশত এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে।
