একেৰাহে তৃতীয় বছৰতো ৩০,০০০তকৈ অধিক বাৰ্ষিক বিক্ৰীৰে অভিলেখ এনএমআইপিএলৰ

583

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে(এনএমআইপিএল) শেহতীয়াকৈ নিজৰ বিগ, বল্ড, বিউটিফুল এছইউভি নিছান মেগনাইটৰ সৈতে ৩০,০০০+ বিক্ৰীৰে একেৰাহে তৃতীয় বছৰ সফলতাৰে উদযাপন কৰিছে। এই উল্লেখযোগ্য মাইলৰ খুঁটিয়ে ভাৰতীয় অট’মটিভ বজাৰত পৰিৱৰ্তনকাৰী প্ৰতিষ্ঠান হিচাপে মেগনাইটৰ স্থিতি পুনৰ সুদৃঢ় কৰিলে। নিচানে নিজৰ মূল্যৱান গ্ৰাহক, সমৰ্পিত ডিলাৰ, যোগানকৰ্তা, চেন্নাইৰ এলায়েন্স প্ৰকল্প আৰু সমগ্ৰ নিছান টীমক ভাৰতত এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰ প্ৰতি নিজৰ অটল সমৰ্থন আৰু প্ৰতিশ্ৰুতিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

২০২০ৰ ডিচেম্বৰ মাহত মুকলি কৰা নিছান মেগনাইটে ভাৰতত ১০০,০০০তকৈ অধিক স্বদেশী গ্ৰাহক গোটাবলৈ সক্ষম হৈছে, যি ২০২৪ৰ জানুৱাৰী মাহত অৰ্জন কৰিছিল নতুন মাইলৰ খুঁটি। ৩০,০০০তকৈ অধিক ইউনিট ৰপ্তানি কৰা নিছান মেগনাইট ভাৰতৰ বি-এছইউভি ছেগমেণ্টত অন্যতম পছন্দ হিচাপে পৰিগণিত হৈছে। নিছান মটৰ ইণ্ডিয়াই উৎপাদন দৰ্শন ‘মেক-ইন-ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ক সাৰোগত কৰি কাম কৰি আহিছে, য’ত জাপানত কৰা ডিজাইনৰ উৎকৃষ্টতাক ভাৰতৰ দক্ষ উৎপাদনৰ সৈতে সংমিশ্ৰিত কৰা হৈছে। নিছান ইণ্ডিয়া অপাৰেচনৰ অধ্যক্ষ ফ্ৰেংক টৰেছে এই বিষয়ে কয় যে, “আমি আমাৰ মূল্যৱান গ্ৰাহক আৰু নিষ্ঠাবান ডিলাৰসকলক নিজৰ অদম্য সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

ভাৰতীয় গ্ৰাহকৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে নিছানে বিভিন্ন মেগনাইট ভেৰিয়েণ্ট মুকলি কৰিছে, য’ত অন্তৰ্ভুক্ত আছে টাৰ্বো, এমটি, সুলভ মূল্যৰ এএমটি আৰু চিভিটি ইত্যাদি। জুন মাহত প্ৰতিষ্ঠানটোৱে চেন্নাইৰ এলায়েন্স প্লাণ্টৰ পৰা ১০০,০০০ মেগনাইট উৎপাদন কৰি নতুন মাইলৰ খুঁটি অৰ্জন কৰিছিল আৰু ২০২৪ৰ জানুৱাৰী মাহত ১০০,০০০ সংখ্যক ঘৰুৱা বিক্ৰী কৰিবলৈ সক্ষম হৈছিল।