প্ৰ’ৱাশ্ব জেডএন আৰু প্ৰ’ৱাশ্ব ভিএন মুকলিৰে স্মাৰ্টৱাশ্ব বজাৰলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে প্ৰ’ৱাশ্বে

554

লাভা ইণ্টাৰনেচনেলৰ এক উপ-ব্ৰেণ্ড প্ৰৱাশ্বে প্ৰৱাশ্ব জেড এন আৰু প্ৰৱাশ্ব ভিএন নামৰ দুটা মডেল উন্মোচন কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। ২৬ এপ্ৰিলৰ নিশা ১২ বজাৰ পৰা প্ৰৱাশ্ব জেড এন আৰু প্ৰৱাশ্ব ভিএন আমাজন, লাভা ই-ষ্ট’ৰ আৰু লাভা ৰিটেইল নেটৱৰ্কত ক্ৰয় কৰিব পাৰিব। প্ৰ’ৱাশ্ব জেডএন হৈছে উন্নত সুবিধাৰ সৈতে এক বৈপ্লৱিক স্মাৰ্টৱাশ্ব, যাৰ ভিতৰত আছে কৰ্ণিং® গৰিলা® গ্লাছ ৩ সুৰক্ষা আৰু নিৰন্তৰ হৃদস্পন্দনৰ হাৰ নিৰীক্ষণৰ বাবে অধিক-শুদ্ধ হাৰৰ পিপিজি চেন্সৰ।

মাত্ৰ ২,৫৯৯ টকাৰ পৰা প্ৰাৰম্ভিক মূল্যত এক ঘূৰ্ণনশীল মুকুটৰ সৈতে এটা মসৃণ বৃত্তাকাৰ ডায়েল, ১.৪৩ ইঞ্চিৰ এমোলেড ডিচপ্লে, স্বাস্থ্য ট্ৰেকিং ক্ষমতা, ১১০বিধ স্পৰ্টছ মোড, ১৫০বিধ কাষ্টমাইজেবল ঘড়ীৰ ফেচ, বাধাহীনভাৱে স্মাৰ্ট নটিফিকেচন, দ্ৰুত চাৰ্জিং আৰু দৈনিক পৰিধানৰ বাবে এক শক্তিশালী ধাতৱীয় ৰূপ দিয়া হৈছে। দুটা ৰঙত বৰ্তমান উপলব্ধ, ভেলিৰিয়ান গ্ৰে আৰু ড্ৰেগনগ্লাছ ব্লেক, আৰু ই আইপি৬৮ পানী-প্ৰতিৰোধী। প্ৰৱাশ্ব ভিএন হৈছে এটা ষ্টাইলিছ আৰু বহুমুখী ঘড়ী, এই ঘড়ীটো ড্ৰিফ্ট ব্লু, মূৰে ব্লেক, আৰু গাল গ্ৰে ৰঙত উপলব্ধ।

ইয়াত ৩২০*৩৮৬ ৰিজ’ল্যুচন আৰু ৫০০ নিট ব্ৰাইটনেছৰ সৈতে ১.৯৬ ইঞ্চিৰ টিএফটি ২.৫ডি কাৰ্ভড ডিছপ্লে, বিটি কলিং কাৰ্যক্ষমতা, ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ স্ক্ৰল বুটাম, বিল্ট-ইন ভইচ এচিষ্টেণ্ট, ১৫০তকৈও অধিক কাষ্টমাইজেবল ঘড়ীৰ ফেচ আৰু ১১৫টা ইন-বিল্ট স্প’ৰ্টছৰ লগতে ব্যাপক ফিটনেছ ট্ৰেকিঙৰ বাবে মোডসহ বিভিন্ন বৈশিষ্ট্য প্ৰদান কৰিছে। ঘড়ীটোৰ দাম হৈছে ১,৯৯৯ টকা। পানী আৰু ধূলি-প্ৰতিৰোধী ডিভাইচ প্ৰৱাশ্ব ভিএন হৈছে হাৰ্ট ৰেট চেন্সৰ, এছপিঅ’২ ট্ৰেকাৰ, ষ্ট্ৰেছ লেভেল ট্ৰেকাৰ আৰু শ্লিপ ট্ৰেকাৰৰ দৰে স্বাস্থ্য নিৰীক্ষণ বৈশিষ্ট্যযুক্ত ঘড়ী ।