ব্য়তিক্ৰমৰ চিকিৎসা পৰ্যটন সন্মিলনে একত্ৰিত কৰিছে স্বাস্থ্যৰ পৰিধিক

574

ঐতিহ্য়মণ্ডিত ঢাকা ক্লাবত ২১ এপ্ৰিল দেওবাৰে ব্যতিক্ৰম মাছডোৱে আয়োজন কৰা ‘মেডিকেল ট্যুৰিজিম কনক্লেভে’স্বাস্থ্যসেৱাৰ উদ্ভাৱন আৰু সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত হৈছে। সীমাৰ পৰিধি ভাঙি স্বাস্থ্যখণ্ডত অংশীদাৰিত্ব গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অনুষ্ঠানে পূব ভাৰত আৰু বাংলাদেশৰ মাজত স্বাস্থ্যযত্নৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল অগ্ৰগতিৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছে। এই সন্মিলনত বাংলাদেশ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা সাংসদ মহম্মদ চহৰিয়াৰ আলম; বাংলাদেশ ফাউণ্ডেচন ফৰ ৰিজ’নেল ষ্টাডিজৰ অধ্যক্ষ তথা ফ্ৰেণ্ডছ অৱ বাংলাদেশৰ সমন্বয়ক চামছুল আৰেফিন; অসমৰ প্ৰথিতযশা সাহিত্যিক ড০ ৰীতা চৌধুৰী, বাংলাদেশ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান ড০ শ্বাহ মহম্মদ তানভিৰ মনচুৰৰ লগতে দুয়োখন দেশৰ কেইবাজনো বিশিষ্ট চিকিৎসক, শল্য চিকিৎসক আৰু স্বাস্থ্যসেৱা প্ৰশাসকসকল উপস্থিত থাকে। ব্যতিক্ৰম মাছডোৰ অধ্যক্ষ ড০ সৌমেন ভাৰতীয়ই এই সন্মিলনক লৈ নিজৰ উৎসাহ প্ৰকাশ কৰি কয় যে, “বাংলাদেশত চিকিৎসা পৰ্যটনৰ বৰ্ধিত সম্ভাৱনা দেখি আমি অতিশয় আনন্দিত। বিশ্বমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰতি আমাৰ অটল সমৰ্পণ আৰু দৃঢ় বিশ্বাসে আমাক আগুৱাই নিছে আৰু ভৱিষ্যতৰ দিনবোৰলৈ আমি আগ্ৰহেৰে এই গতিশীল উদ্যোগত অধিক সহযোগিতা আৰু উন্নতিৰ আশা কৰিছোঁ।”


বাংলাদেশ চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী চহৰিয়াৰ আলমে বাংলাদেশ-ভাৰত স্বাস্থ্য খণ্ডৰ বৰ্ধিত দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈদেশিক মুদ্ৰাত যথেষ্ট সঞ্চয়-লাভালাভৰ সম্ভাৱনা আৰু স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধি, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি দুয়ো দেশৰ মাজত অংশীদাৰিত্ব বৃদ্ধিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে।
বাংলাদেশ ফাউণ্ডেশ্যন ফৰ ৰিজ’নেল ষ্টাডিজৰ অধ্যক্ষ তথা ফ্ৰেণ্ডছ অৱ বাংলাদেশৰ সমন্বয়ক মেজৰ (অৱসৰপ্ৰাপ্ত) চামছুল আৰেফিনে বাংলাদেশ আৰু ভাৰতৰ মাজত বিশেষভাৱে স্বাস্থ্য খণ্ডত সাধাৰণ লোকসকলৰ সামগ্ৰিক কল্যাণৰ বাবে নিৰন্তৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সন্মিলনৰ জৰিয়তে আহি থকা দিনত সহযোগিতা বৃদ্ধিত অনুঘটক হিচাপে কাম কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।
ঢাকাৰ বংগবন্ধু শ্বেখ মুজিবুৰ মেডিকেল ইউনিভাৰ্চিটীৰ ইণ্টাৰভেনচনেল হেপাট’লজী বিভাগৰ মুৰব্বী ডাঃ মামুন আল মেহতাবে বাংলাদেশৰ স্বাস্থ্যসেৱা খণ্ডৰ উন্নতিৰ বাবে ভাৰতৰ ৰোগীসকলক বাংলাদেশত উন্নত চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ড০ মেহতাবে এই সন্মিলনৰ পিছতে এক আশাব্যঞ্জক সঁহাৰিৰ আশা কৰিছে আৰু ভৱিষ্যতৰ কনক্লেভত আৰু অধিক সহযোগিতাৰ আশা কৰিছে।
প্ৰথিতযশা লেখিকা আৰু সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ ৰীতা চৌধুৰীয়ে স্বাস্থ্যসেৱাৰ উৎকৰ্ষতাৰ ক্ষেত্ৰত বাংলাদেশৰ বৰ্ধিত খ্যাতি-স্থানৰ কথা উল্লেখ কৰি উচ্চ প্ৰশংসা কৰে আৰু বিশ্বৰ মঞ্চত সাহিত্য আৰু ঔষধৰ মাজৰ সমন্বয়ৰ দিশসমূহ দাঙি ধৰে।
চিএমআৰআই কলকাতাৰ চিকে বিৰলা চিকিৎসালয়ৰ ইউনিট হেড সোমব্ৰত ৰয়ে নিজৰ প্ৰতিষ্ঠানৰ শেহতীয়া উন্নয়ন-আন্তগাঁথনি আৰু সাফল্যৰ বিভিন্ন দিশসমূহ ভাগ-বতৰা কৰি ব্যতিক্ৰমী স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰতি থকা সমৰ্পণ আৰু ৰোগীৰ কল্যাণৰ প্ৰতি প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিৰ কথা ব্যক্ত কৰে।
শিলচৰৰ জীৱন জ্যোতি হেল্থকেয়াৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰ প্ৰাইভেট লিমিটেডৰ ইণ্টাৰভেনচনেল নিউৰ’ ৰেডিঅ’লজী এণ্ড এণ্ডোভাস্কুলাৰ থেৰাপীৰ মুৰব্বী ডাঃ সুকল্যাণ পুৰকায়স্থই বাংলাদেশক অত্যাধুনিক চিকিৎসা প্ৰক্ৰিয়াৰ গন্তব্য স্থান হিচাপে উন্নীত কৰাৰ লক্ষ্যৰে চিকিৎসা উৎকৰ্ষ আৰু পৰ্যটনৰ সমল অন্বেষণ কৰাৰ বিষয়ে আগ্ৰহ আৰু ইচ্ছাৰ কথা প্ৰকাশ কৰে।
কলকাতাৰ টেকনো ইণ্ডিয়া গ্ৰুপৰ অপাৰেচন এণ্ড নিউ বিজনেছ ইনিচিয়েটিভছৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক অৰিজিৎ ঘোষে সীমা নেওচি স্বাস্থ্যসেৱাৰ উপলব্ধতা আৰু মানসম্পন্ন চিকিৎসা বৃদ্ধিৰ বাবে সহযোগিতা বৃদ্ধিত এই মঞ্চখনৰ গুৰুত্ব আৰু ভূমিকাৰ ওপৰত আলোকপাত কৰে। সন্মিলনত পিয়াৰলেছ হাস্পতালৰ এজিএম অনুপ ভক্তইও ভাৰতৰ পূব অঞ্চলত চিকিৎসা পৰ্যটনৰ সম্ভাৱনা সম্পৰ্কে নিজৰ মতামত দাঙি ধৰে।
এই কনক্লেভৰ আকৰ্ষণীয় দিশ আছিল দুয়োখন দেশৰ বিশেষজ্ঞ চিকিত্সকৰ নেতৃত্বত অনুষ্ঠিত হোৱা পেনেল আলোচনাসমূহ, য’ত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি, দক্ষতা আৰু সামৰ্থ্য বিকাশ তথা সীমা অতিক্ৰমি সহযোগিতাৰ প্ৰচাৰ-প্ৰসাৰ আদি বিভিন্ন জটিল বিষয়সমূহ সামৰি লোৱা হৈছিল। পেনেলিষ্টসকলৰ ভিতৰত অন্যতম আছিল – ডাঃ সৌৰভ দাস, পৰামৰ্শদাতা, জৰুৰীকালীন চিকিৎসা বিশেষজ্ঞ, জীৱন জ্যোতি হেল্থ কেয়াৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰ প্ৰাইভেট লিমিটেড, অসম , ডাঃ চৈয়দ আছিফ আহমেদ, দন্ত চিকিৎসক তথা ডেণ্টেল পইণ্ট এণ্ড ইমপ্লাণ্ট চেণ্টাৰ, অসমৰ প্ৰতিষ্ঠাপক , ডাঃ ফয়জাল আহমেদ, পৰামৰ্শদাতা, হেপাট’লজী বিভাগ বাংগবন্ধু শ্বেখ মুজিব মেডিকেল ইউনিভাৰ্চিটী, ঢাকা, বাংলাদেশ , অধ্যাপক ডাঃ মহম্মদ জাকিউৰ ৰহমান, অধ্যক্ষ, প্ৰাইমেৰী কেয়াৰ এণ্ড ৰুৰেল হেল্থ বাংলাদেশৰ অধ্যক্ষ, আইচি মেডিকেল কলেজ ঢাকাৰ কাৰ্যবাহী সদস্য, ৰুৰেল ৱংকা, বাংলাদেশ আৰু আন বহুতো ।


গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী দূতাবাস, ফ্ৰেণ্ডছ অৱ বাংলাদেশ, সম্প্ৰীতি বাংলাদেশ, ৰাধনি গ্ৰুপ, পিয়েৰলেছ চিকিৎসালয়, টেকনো গ্লোবেল হাস্পতাল, বেৰেকপুৰ, চিকে বিৰলা হাস্পতাল চিএমআৰআই, কলকাতা, ইনষ্টিটিউট অৱ ইউৰ’লজি এণ্ড কিডনী ডিজিজ, ডেণ্টেল পইণ্টছ এণ্ড ইমপ্লাণ্ট চেণ্টাৰ, জীৱন জ্যোতি হেল্থ কেয়াৰ এণ্ড ৰিচাৰ্ছ প্ৰাইভেট লিমিটেড আৰু উজু হেল্থে যথেষ্ট পৰিমাণে এই সন্মিলন আয়োজনৰ বাবে সহায় কৰিছিল।