কংগ্ৰেছ সংসদীয় পাৰ্টীৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । কংগ্ৰেছৰ বৰ্ষীয়ান নেত্ৰীগৰাকীয়ে মঙলবাৰে অসুস্থ অনুভৱ কৰাত ততাতৈয়াকৈ দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই বিষয়ে সদৰী কৰিছে কংগ্ৰেছ দলৰ এক সূত্ৰই । “মঙলবাৰে সন্ধিয়া অসুস্থ হোৱাত কংগ্ৰেছ সংসদীয় পাৰ্টীৰ অধ্যক্ষ ছোনিয়া গান্ধীক ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।”
