অসমত বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেইবাগৰাকীও ষ্টাৰ কেম্পেইনাৰে । ইতিমধ্য়ে এই নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰস্তুত কৰি ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ প্ৰৰণ কৰিছে ৰাজ্য়িক বিজেপিয়ে । এই কথা সদৰী কৰিছে বিজেপিৰ ৰাজ্য়িক সভাপতি দিলীপ শইকীয়াই ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীয়ে অশ্বিনী বৈষ্ণৱ, শিৱৰাজ সিং চৌহান আদিয়ে অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ কাৰ্যত ।”
