পুৱতি নিশা জাগুনস্থিত আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ আক্ৰমণ । প্ৰায় ৩-৪ জন কামাণ্ডো আহত হোৱাৰ খবৰ ৷তিনিচুকীয়া: ৰাজ্যত চৌদিশে নিৰ্বাচনী গৰম বতাহ বলি থকাৰ সময়তে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ জাগুনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । দেওবাৰে পুৱতিনিশা প্ৰায় দুই বজাত জাগুনৰ দহ মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত সন্দেহযুক্ত আলফা স্বাধীনৰ এটা বৃহৎ দলে ভয়ংকৰ আক্ৰমণ কৰে । সন্দেহযুক্ত আলফা স্বাধীনৰ দলটোৱে আৰক্ষী শিবিৰটোলৈ লক্ষ্য কৰি প্ৰায় ৪-৫ টাকৈ গ্ৰেণেড আৰু আৰ পি জি (RPG) নিক্ষেপ কৰাৰ লগতে ধাৰাবাহিকভাৱে গুলীচালনা কৰে ।
