গুৱাহাটীত পুনৰ ধৰা পৰিছে বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিক । মঙলবাৰ আৰু বুধবাৰে আৰক্ষীয়ে অভিযান চলাই শিশু আৰু মহিলাসহ মুঠ ১৮ জন অবৈধ বাংলাদেশী নাগৰিকক আটক কৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ ৫৭ জন বাংলাদেশীক আটক কৰা হয় ।বিগত দুদিনত আৰক্ষীয়ে দুটা পৃথকে পৃথকে চলোৱা অভিযানত মহিলা আৰু শিশুকে ধৰি বাংলাদেশৰ ১৮ জন লোকক আটক কৰিছিল । বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই কামাখ্যা জংচনত ৫৭ জন বাংলাদেশী নাগৰিকক আটক কৰে । ব্ৰহ্মপুত্র মেইলেৰে দিল্লীৰ পৰা আহিছিল দলটো । কাশ্মীৰৰ পৰা দিল্লী হৈ বাংলাদেশী নাগৰিকৰ দলটো গুৱাহাটীলৈ আহি ধৰা পৰে ।
