হিংসাজৰ্জৰ মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা । এক ব্যাপক কূটাঘাতমূলক পৰিকল্পনা ব্যৰ্থ কৰে নিৰাপত্তা বাহিনীয়ে । যাৰ বাবে বহু লোকৰ হতাহতৰ সম্ভাৱনা প্ৰতিহত কৰিব পৰা যায় ।মণিপুৰৰ কামজং জিলাত ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত স্থাপন কৰা ২৭টা ইম্প্ৰভাইজড বিস্ফোৰক (আই ই ডি) উদ্ধাৰ কৰে ।উদ্ধাৰ হোৱা এই আইইডিকেইটা ভাৰতীয় সেনাৰ বোমা নিষ্কাশনকাৰী দলে শ্বাংখালোক-পিলং ষ্ট্ৰেচত নিষ্ক্ৰিয় কৰে ।পাহাৰীয়া পথৰ জোপোহাৰ মাজত এই আইইডিকেইটা লুকুৱাই ৰখা হৈছিল বুলি বিষয়াসকলে জনায় । এই অভিযানত স্নিফাৰ ডগো নিয়োগ কৰা হৈছিল ।
