একেৰাহে চলি থকা ধাৰাসাৰ বৰষুণে পুনৰ বান পৰিস্থিতি জটিল কৰি তুলিছে নগাঁৱৰ কলিয়াবৰত। কলিয়াবৰ ৰাজহ চক্ৰৰ কালাপানী, দেউ ভেলী চাহ বাগিচা আৰু লেংপেং চাহ বাগিচা অঞ্চলত নতুনকৈ সৃষ্টি হোৱা বানত ২০৬টা পৰিয়ালৰ ৭৩২ জন লোক ক্ষতিগ্ৰস্ত হৈছে।
বান পৰিস্থিতিৰ অৱনতি ঘটাৰ পিছতে নগাঁও জিলা প্ৰশাসন, কলিয়াবৰ মহকুমা প্ৰশাসন আৰু ৰাজহ বিভাগৰ বিষয়াসকলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উপস্থিত হৈ জৰুৰী সাহায্য অভিযান আৰম্ভ কৰে। বুধবাৰে সোণাৰিবালি আৰু কলিয়াবৰৰ এছডিআৰএফ আৰু ডিডিআৰএফৰ দলে যৌথ অভিযান চলাই বানৰ মাজত আৱদ্ধ ২১০ জন লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে।
বানাক্ৰান্ত লোকসকলৰ আশ্ৰয় আৰু প্ৰাথমিক সুবিধা নিশ্চিত কৰিবলৈ বুধবাৰে সন্ধিয়া চালনা বাপুজী প্ৰাথমিক বিদ্যালয়, ২৩ নম্বৰ দেউ ভেলী প্ৰাথমিক বিদ্যালয় আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ত তিনিটা সাহায্য শিবিৰ স্থাপন কৰা হয়। বৰ্তমান এই শিবিৰসমূহত ৭৩২ জন লোকে আশ্ৰয় লৈ আছে।
শিবিৰসমূহত বানাক্ৰান্ত লোকসকলৰ বাবে গৰম আহাৰ, খোৱাপানী, চিকিৎসা সেৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী আৰু পশু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। শিশু, স্তনপান কৰোৱা মাতৃ আৰু কিশোৰীসকলৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
প্ৰাথমিক জৰীপ অনুসৰি, বানত এতিয়ালৈ কোনো লোকৰ মৃত্যু, আঘাতপ্ৰাপ্ত বা সন্ধানহীন হোৱাৰ তথ্য পোৱা নাই। অৱশ্যে বানৰ ফলত পশুধনৰ ব্যাপক ক্ষতি হৈছে। প্ৰশাসনৰ তথ্য অনুসৰি ২৮৮টা ডাঙৰ পশু, ৪৩৬টা সৰু পশু আৰু ১,৪১১টা হাঁহ-কুকুৰা বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইফালে, জখলাবন্ধা কৃষি চক্ৰৰ বিষয়াসকলে কুঠুৰী আৰু বাঘমাৰী অঞ্চলত কৃষিভূমি আৰু শস্যৰ ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ কৰিছে। ক্ষতিগ্ৰস্ত কৃষিভূমিৰ পৰিমাণ, পানীত ডুব যোৱা শস্য আৰু লোকচানৰ বিস্তৃত তথ্য সংগ্ৰহৰ কাম চলি আছে।
