নীট পৰীক্ষাক কেন্দ্ৰ কৰি বিতৰ্ক যেন থমকিবই খোজা নাই। প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ বিহাৰত পোহৰলৈ আহিছে ভুৱা পৰীক্ষাৰ্থী বহুৱাই পৰীক্ষা দিয়াৰ এক কথিত জালিয়াতি চক্ৰ। ঘটনাক কেন্দ্ৰ কৰি পুনৰ প্ৰশ্নৰ মুখত পৰিছে দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষাটোৰ সুৰক্ষা ব্যৱস্থা।
লক্ষীচৰাই জিলাত চলোৱা তদন্তত এতিয়ালৈকে ৩০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, ইয়াৰে ৯ জনে আন পৰীক্ষাৰ্থীৰ সলনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল বুলি সন্দেহ কৰা হৈছে। বাকী লোকসকল এই কথিত জালিয়াতি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে।
তদন্তকাৰী বিষয়াসকলে কয় যে, একাংশ পৰীক্ষাৰ্থীয়ে নিজৰ সলনি আন লোকক পৰীক্ষাত বহুৱাবলৈ ব্যৱস্থা কৰিছিল। এই কাৰ্যত চিকিৎসা শিক্ষাৰ্থী, নাৰ্চিং শিক্ষাৰ্থী আৰু পৰীক্ষাৰ বায়’মেট্ৰিক ব্যৱস্থাৰ সৈতে জড়িত কৰ্মচাৰীৰ সম্পৃক্ততাও পোহৰলৈ আহিছে।
লক্ষীচৰাইৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত চলোৱা অভিযানৰ সময়ত ঘটনাটো ধৰা পৰে। কে আৰ কে উচ্চ বিদ্যালয়ত এজন, কেন্দ্ৰীয় বিদ্যালয়ত সাতজন আৰু হাছানপুৰ বিদ্যালয়ৰ কেন্দ্ৰত আন এজন ভুৱা পৰীক্ষাৰ্থীক ধৰা পেলোৱা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
তদন্তত গয়াৰ এএনএম মেডিকেল কলেজ এণ্ড হাস্পতালৰ শিক্ষাৰ্থী অৰ্পিত ৰাজৰ নামো পোহৰলৈ আহিছে। আৰক্ষীৰ সন্দেহ, এই কথিত চক্ৰটোৰ অন্যতম মূল সমন্বয়ক আছিল তেওঁ। উল্লেখযোগ্য যে, ২০২৪ চনৰ নীট প্ৰশ্নকাকত ফাদিল কাণ্ডৰ তদন্তৰ সময়তো চিবিআইয়ে অৰ্পিত ৰাজক জেৰা কৰিছিল।
ইফালে, পাটনা মেডিকেল কলেজ এণ্ড হাস্পতালৰ তৃতীয় বৰ্ষৰ এমবিবিএছ শিক্ষাৰ্থী ময়ংক কাশ্যপে বায়’মেট্ৰিক সংস্থাৰ কৰ্মচাৰী চেজি হাছানপুৰ উচ্চ বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয়। তেওঁৰ উপস্থিতিক লৈ সন্দেহ হোৱাৰ পিছতে বিষয়াসকলে জেৰা চলায় আৰু পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰে।
নীট পৰীক্ষাৰ বায়’মেট্ৰিক ব্যৱস্থাৰ সৈতে জড়িত ১৪ জন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ নাৰ্চিং শিক্ষাৰ্থী পুনম কুমাৰী, এইমছ ৰায়বেৰেলীৰ শিক্ষাৰ্থী সৌৰভ ঝা আৰু দিল্লীৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ ইণ্টাৰ্ন অমন আগৰৱালকো গ্ৰেপ্তাৰ কৰা হৈছে। নালন্দা মেডিকেল কলেজৰ নাৰ্চিং শিক্ষাৰ্থী সঞ্জীত আৰু তেওঁৰ ভাতৃকো এই ঘটনাৰ সন্দৰ্ভত জেৰা চলাইছে আৰক্ষীয়ে।
ঘটনাৰ পিছতে কে আৰ কে উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কেন্দ্ৰীয় বিদ্যালয়ত অভিযান চলাই চক্ৰটোৰ আন সদস্যসকলৰ সন্ধান অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাই।
ইফালে, কঠোৰ নিৰাপত্তা ব্যৱস্থা সত্ত্বেও চিকিৎসা শিক্ষাৰ্থীসকল কেনেদৰে এই কথিত জালিয়াতি চক্ৰত জড়িত হ’ব পাৰিলে, তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। নীট পুনৰ পৰীক্ষাৰ সময়ছোৱাত বহু চিকিৎসা মহাবিদ্যালয়ে শিক্ষাৰ্থীসকলক চৌহদ ত্যাগ নকৰিবলৈ নিৰ্দেশ দিছিল। তথাপিও একাংশ শিক্ষাৰ্থীয়ে সেই নিয়ন্ত্ৰণ ভংগ কৰি এই চক্ৰত জড়িত হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
এই বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে, নীট-ইউজি ২০২৬ পুনৰ পৰীক্ষা কোনো ধৰণৰ বিসংগতি নোহোৱাকৈ সম্পন্ন হৈছে। অভিষেক সিঙে কয় যে, প্ৰশ্নকাকত ফাদিলৰ দাবী সম্পূৰ্ণ ভুৱা আৰু অসাধু উপায়ৰ বিৰুদ্ধে সংস্থাই “শূন্য সহনশীলতা” নীতি গ্ৰহণ কৰিছে।
তেওঁ লগতে কয় যে, ভৱিষ্যতে নীট পৰীক্ষা ধাপে ধাপে কম্পিউটাৰভিত্তিক পদ্ধতিলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনাও চলি আছে।
