কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস বেটেলিয়ানৰ পশ্চিম গুৱাহাটীৰ ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা বাহিনীটোৰ বীৰ শ্বহীদ জোৱান – বিষয়া সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৭৫ চি আৰ পি এফৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই।
এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ১৭৫ বেটেলিয়ানৰ ছেকেণ্ড – ইন – কমাণ্ড অমিত সিনহা আৰু মুকুণ্ড মোহন, ডেপুটী কমাডেণ্ট অমিত যোশী আৰু বিৰাট কুমাৰ সিং , জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি বাহিনীটোৰ বিষয়া – জোৱান সকলোৱে বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাছত বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত সৈনিক সন্মিলনখন অনুষ্ঠিত হয় । সন্মিলনত সম্বোধন কৰে কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই। ভাষণ প্ৰসংগত তেওঁ চি আৰ পি এফ বাহিনী গঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰে আৰু সকলোকে নিয়মানুবৰ্তিতা মানি চলিবলৈ আহবান জনায়।
সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কমাডেণ্ট ৰাজীব কুমাৰ ঝাকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে। ইয়াৰ উপৰিও অনুষ্ঠানত কেবাজনো বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সন্তানে দেশপ্ৰেমমূলক নৃত্য, গীত আৰু আলেখ্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ অন্তত এটা সামূহিক প্ৰীতি ভোজ তথা বৰাখানাৰ আয়োজন কৰা হয়।
