মালাবাৰ গোল্ড এণ্ড ডায়মণ্ডছে নুৱা নামৰ এটা নতুন প্ৰাকৃতিক হীৰাৰ অলংকাৰৰ সংগ্ৰহ মুকলি কৰিছে। ই প্ৰিমিয়াম জুৱেলাৰী খণ্ডত উদ্ভাৱন, সামগ্ৰীৰ ভিন্নতা আৰু দীৰ্ঘম্যাদী বিকাশৰ প্ৰতি প্ৰতিষ্ঠানটোৰ নেতৃত্ব-কেন্দ্ৰিক মনোযোগক প্ৰতিফলিত কৰে। প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টিসমূহৰ দ্বাৰা অনুপ্ৰাণিত হৈ, এই সংগ্ৰহত ষ্ট্ৰপিছ, হানিকম্বছ, ফ্লুউড(প্ৰৱাহী) গাঁথনি আৰু পৃথিৱীৰ দ্বাৰা গঢ় লৈ উঠা জৈৱিক আৰ্হিৰ দৰে জটিল চানেকি আৰু গাঁথনিক স্থান দিয়া হৈছে। ১৮ কেৰেট আৰু ১৪ কেৰেট স্বৰ্ণত প্ৰস্তুত নুৱাত প্ৰাকৃতিক হীৰাৰ সৈতে ৰঙীন ৰত্, চিৰামিক কালাৰ এনামেলিং আৰু মাল্টি-ট’ন ৰ’ডিয়াম সমাপ্তিৰ সংমিশ্ৰণ ঘটোৱা হৈছে, যিয়ে শিল্পকলাৰ সৈতে সমসাময়িক ডিজাইনৰ সমন্বয়ৰ ওপৰত প্ৰতিষ্ঠানটোৰ গুৰুত্বক প্ৰদৰ্শন কৰে।
যিসকল মহিলাই মাৰ্জিত বিলাসিতা আৰু অৰ্থপূৰ্ণ ডিজাইনক মূল্য দিব বিচাৰে সেইসকলৰ বাবে এই সংগ্ৰহ ডিজাইন কৰা হৈছে। প্ৰতিটো অলংকাৰতে জটিল কাৰুকাৰ্য আৰু প্ৰৱাহী ৰূপৰ জৰিয়তে প্ৰকৃতিৰ আৰ্হিৰ ৰূপসমূহক ফুটাই তোলা হৈছে, যাৰ ফলত এই গহণাখিনিয়ে আধুনিক জীৱনশৈলীৰ সৈতে খাপ খাই পৰে। মালাবাৰ গ্ৰুপৰ চেয়াৰমেন এম পি আহমদে এই সংগ্ৰহৰ আঁৰৰ দৃষ্টিভংগী দাঙি ধৰে। তেওঁ কয় যে, “এই সংগ্ৰহৰ মূলতে হৈছে পেটাৰ্ন প্লে — যিবোৰ জটিল গাঁথনি, গঠন আৰু সৰু সৰু কথাই আমাৰ চৌপাশৰ পৃথিৱীখনক নীৰৱে গঢ় দিয়ে। নুৱাৰ জৰিয়তে আমি এইসমূহ সৌন্দৰ্যক এটা সমসাময়িক হীৰাৰ সংগ্ৰহলৈ ৰূপান্তৰ কৰিব বিচাৰিছিলোঁ, যি আজিৰ মহিলাৰ বাবে শ্ৰেষ্ঠ, বহুমুখী আৰু প্ৰাসংগিক অনুভৱ হয়।”
অভিনেত্ৰী কৰীণা কাপুৰ খান নুৱাৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে অব্যাহত আছে, যিয়ে এই সংগ্ৰহৰ ব্যক্তিগত বৈশিষ্ট্য, আত্মবিশ্বাস আৰু চিৰন্তন পৰিপক্কতাৰ ওপৰত থকা মনোযোগক বাস্তৱিক ৰূপত প্ৰতিফলিত কৰে। এই নতুন শুভাৰম্ভণিয়ে ডিজাইনৰ উদ্ভাৱন, নেতৃত্ব-কেন্দ্ৰিক ব্ৰেণ্ড পজিচনিং আৰু গ্ৰাহক-কেন্দ্ৰিক সামগ্ৰীৰ বিকাশৰ জৰিয়তে প্ৰাকৃতিক হীৰাৰ পৰ্টফলিঅ’ শক্তিশালী কৰাৰ বাবে মালাবাৰ গোল্ড এণ্ড ডায়মণ্ডছৰ ৰণনীতিক প্ৰদৰ্শন কৰে, যিয়ে ক্ৰমবৰ্ধমান বিলাসী জুৱেলাৰী বজাৰত ইয়াৰ উপস্থিতিক অধিক দৃঢ় কৰে।
