ফিফা বিশ্বকাপ ২০২৬ৰ গ্ৰুপ এফ-ত নেদাৰলেণ্ড আৰু জাপানৰ মাজত খেলা খেলখন যদিও ২-২ গ’লত ড্ৰ’ত শেষ হয় তথাপিও খেলপথাৰৰ বাহিৰত জাপানী অনুৰাগীয়ে নিজৰ সংস্কৃতিৰে সমগ্ৰ বিশ্বৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ ডালাছ ষ্টেডিয়ামত চূড়ান্ত হুইচেলৰ পিছত আন দৰ্শকে খেলপথাৰ এৰি যোৱাৰ সময়ত নীলা জাৰ্চি পিন্ধা শ শ জাপানী অনুৰাগী ষ্টেডিয়ামত ৰৈ যায়। নীলা ৰঙৰ প্লাষ্টিকৰ বেগ লৈ তেওঁলোকে ষ্টেণ্ডবোৰত আৱৰ্জনা, পানীৰ বটল আৰু খাদ্যৰ বেগবোৰ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। এই ঘটনাৰ ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দ্ৰুতগতিত ভাইৰেল হৈ পৰাত তেওঁলোকে ব্যাপক প্ৰশংসা লাভ কৰিছে।
কিন্তু চামুৰাই ব্লু নামেৰে পৰিচিত জাপানী দলটোৱে হাৰ মানিবলৈ অস্বীকাৰ কৰে। ৮৮ মিনিটত দৈচি কামাডাই বক্সৰ ভিতৰৰ পৰা সুন্দৰ হেডাৰেৰে গ’ল দি খেলখন ২-২ গ’লত সমতা স্থাপন কৰে। এইদৰে জাপানে নিকট প্ৰতিদ্বন্দ্বিতামূলক মেচৰ পৰা এক গুৰুত্বপূৰ্ণ পইণ্ট লাভ কৰে। মেচৰ পিছত ই এছ পি এন এফ চি আৰু ফুটবল গভৰ্নিং ব’ডি ফিফাকে ধৰি কেইবাটাও অফিচিয়েল হেণ্ডেলে জাপানী অনুৰাগীয়ে চাফাই কৰা ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। ফিফাই নিজৰ অফিচিয়েল পোষ্টত লিখিছে, নেদাৰলেণ্ডৰ সৈতে হোৱা এক ৰোমাঞ্চকৰ খেলৰ পিছত জাপানৰ সমৰ্থকসকলে পুনৰবাৰ নিজৰ আচাৰ-ব্যৱহাৰ প্ৰদৰ্শন কৰিলে।
আন্তঃৰাষ্ট্ৰীয় ফুটবল মঞ্চত জাপানী অনুৰাগীৰ এই পৰম্পৰা আৰম্ভ হৈছিল ১৯৯৮ চনত ফ্ৰান্সত অনুষ্ঠিত হোৱা বিশ্বকাপৰ সময়ত। ইয়াৰ পিছত জাপানী অনুৰাগীৰ এই পদক্ষেপে ২০১৪ চনত ব্ৰাজিলত অনুষ্ঠিত বিশ্বকাপ আৰু ২০২২ চনত কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ সময়ত বিশ্বব্যাপী প্ৰশংসা লাভ কৰে। কাটাৰত জাপানী অনুৰাগীয়ে নিজৰ দলে নেখেলা মেচৰ পিছত ষ্টেডিয়াম চাফা কৰে। কেৱল অনুৰাগীয়েই নহয়, আনকি জাপানৰ ৰাষ্ট্ৰীয় দলৰ খেলুৱৈসকলেও মেচৰ পিছত ড্ৰেছিং ৰুম ভালদৰে পৰিষ্কাৰ কৰে।
