ম্যানমাৰ সীমান্তৰে চলি থকা উগ্ৰপন্থীৰ চোৰাং কাৰ্যকলাপ ৰোধ কৰিবলৈ মণিপুৰৰ চান্দেল জিলাত নিৰাপত্তা বাহিনীয়ে বৃদ্ধি কৰিছে তীব্ৰ তহলদাৰী। এই নিৰন্তৰ অভিযানৰ অংশ হিচাপে শুকুৰবাৰে জিলাখনৰ টাইজাং বনাঞ্চলত উদ্ধাৰ হয় বুজন পৰিমাণৰ মাৰণাস্ত্ৰ, বিস্ফোৰক আৰু যোগাযোগৰ সামগ্ৰী। চাকপিকাৰং থানাৰ অন্তৰ্গত এই স্পৰ্শকাতৰ অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে চলোৱা তালাচী কাৰ্যসূচীয় সম্ভাৱ্য কোনো কূটাঘাতৰ পৰিকল্পনা নসাৎ কৰে।
চৰকাৰী সূত্ৰই জনোৱা মতে, উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত আছে এটা অত্যাধুনিক এ কে-৪৭ ৰাইফল আৰু মেগজিনসহ এটা এমপি-৫ ৰাইফল। ইয়াৰ উপৰি নিৰাপত্তা বাহিনীয়ে কেইবাটাও দেশীয় নিৰ্মিত কাৰ্বাইন, এছবিবিএল বন্দুক আৰু লাথড বন্দুক জব্দ কৰে। অঞ্চলটোত উগ্ৰপন্থী গোটৰ সক্ৰিয়তা ৰোধ কৰিবলৈ চলোৱা এই অনুসন্ধানৰ সময়তে জোৱানসকলে উদ্ধাৰ কৰে মাৰণাস্ত্ৰৰ এই বৃহৎ ভাণ্ডাৰটো।
অস্ত্ৰসমূহৰ লগতে কেইবাটাও পম্পি মৰ্টাৰ আৰু ইয়াৰ গুলীৰ লগতে প্ৰায় চাৰি কিলোগ্ৰাম আইইডি তৈয়াৰী সামগ্ৰী পোৱা গৈছে। নিৰাপত্তা বাহিনীৰ অভিযানত জব্দ হয় বিভিন্ন কেলিবাৰৰ ২৬ জাঁই সজীৱ গুলী আৰু পাঁচটাকৈ বাওফেং ওৱাকী-টকী ছেট। এই সামগ্ৰীসমূহৰ উদ্ধাৰে নিৰাপত্তা সংস্থাসমূহৰ মাজত সৃষ্টি কৰিছে গভীৰ উদ্বেগ। কোনো এক সুসংগঠিত আক্ৰমণৰ উদ্দেশ্যে এইবোৰ জমা কৰি থোৱা বুলি সন্দেহ কৰিছে তদন্তকাৰীয়ে।
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰীয়া এই দুৰ্গম অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে এতিয়া অধিক সজাগতা অৱলম্বন কৰিছে। এই বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰৰ ফলত নিৰাপত্তাৰক্ষী আৰু সাধাৰণ নাগৰিকৰ ওপৰত হ’বলগীয়া এক সম্ভাৱ্য বিপদ আঁতৰিছে বুলি মত প্ৰকাশ কৰে কৰ্তৃপক্ষই। বৰ্তমান আৰক্ষীয়ে এই সামগ্ৰীসমূহৰ উৎসৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে। একে সময়তে সীমান্তৱৰ্তী অঞ্চলসমূহত নিৰাপত্তা বাহিনীয়ে অব্যাহত ৰাখিছে তীব্ৰ তহলদাৰী।
